এসপ্তাহো সম্পূৰ্ণ হোৱা নাছিল দিছপুৰৰ (Dispur) ছুপাৰ মাৰ্কেটস্থিত নতুন উৰণীয়া সেঁতু (Fly Over) মুকলি কৰাৰ। কিন্তু দিন ৰাতি একাকাৰ কৰি চিত্ৰ শিল্পীয়ে অংকন কৰা চিত্ৰ শিল্পত পিকালে অবিবেচকী, নিকৃষ্ট মানসিকতাৰ মানুহ নামধাৰীয়ে লোকে। এক কিলোমিটাৰো অধিক দৈৰ্ঘৰ উৰণীয়া সেঁতুখনত চিত্ৰ শিল্পৰ জৰিয়তে প্ৰতিফলিত কৰা হৈছিল উত্তৰ-পূৰ্বাঞ্চলসহ দেশৰ বিভিন্ন প্ৰান্তৰ কৃষ্টি সংস্কৃতি।
কিন্তু এইবোৰ সৃষ্টিকৰ্মৰ প্ৰতি যেন একাংশৰ অকণো ভ্ৰূক্ষেপ অথবা নূন্যতম সৌজন্যতাখিনিও নাই। তাৰেই প্ৰতিফলন দেখা গ’ল মহানগৰীৰ নতুন উৰণীয়া সেঁতুৰ সৌন্দৰ্যক পিকেৰে লেতেৰা কৰিবলৈ কুণ্ঠাবোধ নকৰা কদৰ্যৰে মগজু ভৰা একাংশৰ।
উল্লেখ্য, উৰণীয়া সেঁতুখন মুকলি হোৱাৰ পূৰ্বে, এনেবোৰ চিত্ৰ অংকনৰ সৈতে জড়িত চিত্ৰ শিল্পী সকলে পিক অথবা কদৰ্যময় সামগ্ৰীৰে সৌন্দৰ্যক ম্লান নকৰিবলৈ জনাইছিল কাতৰ অনুৰোধ। কিন্তু তেওঁলোকৰ অনুৰোধ আৰু কষ্টক ভৰিৰে মোহাৰিবলৈ যেন বেছিপৰ নালাগিল।
সি যি কি নহওঁক,এনেবোৰ দুষ্কাৰ্য সংঘটিত কৰা লোক সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে তেওঁলোকক সুমতি দিবলৈ প্ৰাৰ্থনা কৰিছে এতিয়া বহুজনে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/jorhat-fake-lady-doctor-trisha-pegu-in-assam/4261/
Discussion about this post