বহু লোকে এডভেঞ্চাৰ আৰু প্ৰাকৃতিক স্থানত ফটোগ্ৰাফী কৰি খুব ভাল পায়। তেওঁলোকে এই ঠাইবোৰত ভাল ফটোৰ সন্ধানত বিপদজনক পইণ্টলৈও গুচি যায় আৰু এয়া তেওঁলোকৰ বাবে মাৰাত্মক হিচাপে প্ৰমাণিত হৈ পৰে। এনে এক ঘটনা বেলজিয়ানত সংঘটিত হয়। তাত এগৰাকী মহিলাই পাহাৰত থিয় হৈ ফটো তুলি আছিল, আৰু সেই সময়তে মহিলাগৰাকী ১০০ ফুট উচ্চতাৰ পৰা বাগৰি পৰে আৰু কৰুণ মৃত্যুক সাৱটি লয়। গোটেই ঘটনাটো কি সেয়া জানো আহক।
ভৰি পিছলি ঘটনাটো সংঘটিত হয়
ডেইলী মেইলত উল্লেখ কৰা এক প্ৰতিবেদন অনুসৰি, ৩৩ বছৰীয়া জো স্নক্সে (Zoe Snoeks) বেলজিয়ামৰ লাক্সেমবাৰ্গ (Luxembourg) প্ৰদেশৰ নাদ্ৰিন (Nadrin) অঞ্চলত তেওঁৰ স্বামী জয়েৰী জানছেন (Joeri Janssen)ৰ সৈতে ফুৰিবলৈ ওলাইছিল। প্ৰতিবেদনত কোৱা হৈছে যে দুয়ো প্ৰায়ে ফুৰিবলৈ ওলাই গৈছিল আৰু তেওঁলোকে ফটোশ্বুট কৰিও ভাল পাইছিল। নাদ্ৰিনত ফুৰি থকাৰ সময়ত স্নক্স পাহাৰৰ এটা ওখ শিলৰ ওপৰত থিয় হৈ ফটো তুলিবলৈ ধৰিছিল। তাইৰ স্বামী জানছেনে ফটো ক্লিক কৰি আছিল।
বহুত সন্ধানৰ পিছত মৃতদেহৰ সন্ধান ওলাই
প্ৰতিবেদন অনুসৰি, ফটো উঠি থকাৰ সময়ত পোজ দি থাকোতে স্নক্সৰ ভৰি হঠাতে পিছলি যায় আৰু ১০০ ফুট উচ্চতাৰ পৰা তলৰ নদীত (Ourthe River) বাগৰি পৰে। সন্মুখত থিয় হৈ থকা স্বামীয়ে স্নক্স বাগৰি পৰি যোৱা দেখাৰ লগে লগে, জৰুৰীকালীন নম্বৰত ফোন কৰে। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু ডুবাৰুৰ এটা দলে স্নোক্সৰ সন্ধান আৰম্ভ কৰে। বহুত অনুসন্ধান কৰাৰ পিছত, দলটোৱে স্নক্সৰ মৃতদেহটো বিচাৰি পায়।
মাত্ৰ ৫ ছেকেণ্ডতে দুৰ্ঘটনা সংঘটিত হৈছিল
স্নক্সৰ স্বামী জানচেনে ঘটনাটো বৰ্ণনা কৰি কয় যে আমি ক’ৰোণাৰ কাৰণে মাজতে বেছি ঘূৰিব পৰা নাছিলো। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত আমি ভ্ৰমণ আৰম্ভ কৰিছিলো। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত স্নোক্স শিলটোৰ ওপৰত থিয় হৈ আছিল। তাই মোক ফটো ক্লিক কৰিবলৈ কৈছিল। মই ফটো ক্লিক কৰি আছিলো, তাৰ মাজতে তাই মোক পাছফালে থকা কুকুৰটোক চাবলৈ কৈছিল। মই পাছফালে ঘূৰি চালো আৰু কেইছেকেণ্ড পিছত যেতিয়া মই পাছফালৰ পৰা ডিঙি ঘূৰাই আগফালে চালো স্নক্স তাত নাছিল। মাত্ৰ ৫ ছেকেণ্ডত তাই তললৈ বাগৰি পৰে। তেওঁ কয় যে তেতিয়া মই কোনো শব্দও শুনা নাছিলো বা কোনো চিঞৰো শুনা নাছিলো।
Photo: ABP News
Discussion about this post