ৱাশ্বিংটন
আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফৰ্ণিয়াত এবিধ বিশাল আৰু দুৰ্গন্ধ ফুল ফুলিছে। ফুলটো চাবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে। ইণ্ডোনেছিয়াৰ সুমাত্ৰাত পোৱা এই ফুলটোক ‘মৃত উদ্ভিদ’ বুলি কোৱা হয়। এই ফুলটো দক্ষিণ কেলিফৰ্ণিয়া বটানিকেল গাৰ্ডেনত ফুলিছে। খবৰ অনুসৰি এমোৰোফেলাছ (Amorphophallus) প্ৰজাতিৰ এই পুলিটোত ৰবিবাৰে দুপৰীয়া এই ফুলটো ফুলিবলৈ আৰম্ভ কৰিছিল।
ফুলটো চাবলৈ মানুহৰ ইচ্ছা ইমান বেছি আছিল যে মঙলবাৰে সন্ধিয়ালৈ এই বাগিচাখনৰ সকলো টিকট বিক্ৰী হৈ গৈছিল। মঙলবাৰে সন্ধিয়ালৈকে প্ৰায় ৫,০০০ লোকে এই অদ্ভূত ফুলটো চাবলৈ আহিছিল। কিন্তু নিৰাশাজনক কথাটো হ’ল যে এই ফুল প্ৰায় ৪৮ ঘণ্টাহে ফুলি আছিল আৰু তাৰ পিছত ই মৰহি গৈছিল। যেতিয়া ফুলটো ফুলি আছিল, তাৰ পৰা যথেষ্ট বেয়া গোন্ধ ওলাইছিল।
মৃতদেহৰ নিচিনা গোন্ধ আহিছিল ফুলটোৰ পৰা
ইয়াৰ গোন্ধত বহুসংখ্যক পোক-পতংগ আহিছিল আৰু এইবোৰে ফুলৰ পৰাগণ কৰাত সহায় কৰিছিল। চান ডিয়েগোৰ হটকালচাৰ মেনেজাৰ জন কৰ্ণাৰে কৈছিল যে ফুলটোৰ পৰা মৃতদেহৰ দৰে গোন্ধ ওলাইছিল। একেধৰণৰ আন এটা ঘটনাত সুমাত্ৰা টাইটান ফুল কিছু সময়ৰ বাবে ফুলিছিল যিটো চাবলৈ যথেষ্ট ভিৰ জমা হৈছিল। ফুলটো এতিয়া বিলুপ্তিৰ পথত আৰু ইয়াক বহুতে অনলাইনত দেখা পাইছে।
এই বিৰল ফুলটোকো Amorphophallus titanum বুলি কোৱা হয় আৰু ই ১০ ফুট পৰ্যন্ত ওখ হ’ব পাৰে। এই ফুলৰ পুলি কেৱল ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপত হে জন্ম হয়। সুমাত্ৰাত, অৰণ্যবোৰ নিৰন্তৰ ভাৱে শেষ হ’বলৈ ধৰিছে, যাৰ বাবে এই পুলিবিধো এতিয়া বিলুপ্তিৰ পথত। এই ফুলবিধক বচাবলৈ এতিয়া সমগ্ৰ বিশ্বতে চেষ্টা চলোৱা হৈছে। ১৮৮৯ চনত প্ৰথমবাৰৰ বাবে সুমাত্ৰাৰ বাহিৰত কীব পেদাত ইয়াৰ জন্ম হোৱাৰ খবৰ পোৱা গৈছিল।
Photo: NBT
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/thief-stolen-mustard-oil-from-temple-in-assam/4140/




























Discussion about this post