তিনিচুকীয়াৰ (Tinsukia) জনবহুল এলেকা বালুগাদাত আজি দিনৰ ৯ বজাত এক বৃহৎ অগ্নিকাণ্ড (fire) সংঘটিত হয়। পৱন চামাৰিয়া নামৰ এগৰাকী লোকৰ ব্যৱসায় প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড সংঘটিত হয়।
জানিব পৰা মতে এই বাৰলৈ চাৰিবাৰ আৰু চলিত বছৰত দুইবাৰকৈ এই অগ্নিকাণ্ড হয় পৱন চামাৰিয়াৰ এই প্ৰতিষ্ঠানত। পূৰ্বতেও আৰু এবাৰ হৈছিল অগ্নিকাণ্ড। একাংশই অভিযোগ কৰা মতে পৱন চামাৰিয়াই নিজৰ ব্যৱসায় প্ৰতিষ্ঠানত জ্বলনশীল সামগ্ৰীৰ উপৰিও আলকাতৰা, তাৰপিন তেল মজুত কৰি অবৈধ ব্যৱসায় চলাই থাকে।
যাৰ বাবে বাৰে বাৰে সংঘটিত হয় অগ্নিকাণ্ড। পূৰ্বতেও এই প্ৰতিষ্ঠানত প্ৰশাসনে অভিযান চলাই চলাই উদ্ধাৰ কৰিছিল অবৈধ সামগ্ৰী। কিন্তু পৱন চামাৰিয়াই মেনেজ মাধ্যমত আৰু ছলে বলে কৌশলে পুনৰায় নিজ প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰে অবৈধ কাৰবাৰ। যাৰ পৰিণতি পুনৰ দেখা গ’ল।
প্ৰশাসনৰ হেমাহিৰ বাবে বৰ্তমানে বালুগাদাৰ বৃহৎ জনগন শংকিত হৈ আছে। বাৰম্বাৰ অঘটন হৈ থকা পৱন চামাৰিয়াৰ এই অবৈধ প্ৰতিষ্ঠানৰ উপৰত প্ৰসাশনৰ ইমান দৰদ কিয় এয়াই ৰহস্যকৰ বিষয়ৰ লগতে জিলা প্ৰসাশনৰ ওপৰত বহু প্ৰশ্নৰ সৃষ্টি হয়।
Photo & Input: Khatang Khobor
Discussion about this post