ৰিব্ৰেণ্ড পৰিকল্পনাৰ অধীনত ফেচবুকে (Facebook) কোম্পানীটোৰ নাম সলনি কৰিছে। ফেচবুকক এতিয়া মেটা (Meta) নামেৰে জনা যাব। ফেচবুকৰ Former Civic Integrity Chief সমিধ চক্ৰৱৰ্তীয়ে এই নামটোৰ পৰামৰ্শ দিছিল। meta.com বৰ্তমান meta.org ৰিডায়েৰেক্ট কৰে, যি Chan Zuckerberg Initiativeৰ অধীনত বিকশিত এক জৈৱ চিকিৎসা গৱেষণা আৱিষ্কাৰ সঁজুলি।
ফেচবুকৰ পৰিকল্পনা কি?
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ফেচবুকক মেটাভাৰ্চ কোম্পানী হিচাপে পৰিচয় দিয়াৰ পৰিকল্পনাৰ অংশ হিচাপে ৰিব্ৰেণ্ড কৰা হৈছে। ফেচবুকে এই বছৰ ইয়াৰ ভাৰ্চুৱেল ৱৰ্ল্ড মেটাভাৰ্চৰ বাবে ১০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিবলৈ গৈ আছে। ফেচবুকৰ ভাৰ্চুৱেল আৰু অগমেন্ট ৰিয়েলটি (VR/AR)ৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰি এইটো এটা নতুন ভাৰ্চুৱেল অভিজ্ঞতাৰ নতুন পৰ্যায় হ’ব। কোম্পানীটোৱে নিজৰ ফেচবুক ৰিয়েলটি লেবত বিলিয়ন ডলাৰ ব্যয় কৰিব, যাক মেটাভাৰ্চ বিভাগে AR আৰু VR হাৰ্ডৱেৰ, ছফ্টৱেৰ আৰু কণ্টেট বনোৱাৰ দায়িত্ব অৰ্পণ কৰিছে।
মেটাভাৰ্ছ কি?
ফেচবুকে যোৱা মাহত সৰ্বপ্ৰথমে মেটাভাৰ্ছ (Facebook metaverse) নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়ে প্ৰতিবেদন দিছিল। ডিজিটেল পৃথিৱীত ভাৰ্চুৱেল, ইণ্টাৰেক্টিভ স্থান বুজাবলৈ মেটাভাৰ্ছ শব্দটো ব্যৱহাৰ কৰা হয়। মেটাভাৰ্ছ প্ৰকৃততে এক ভাৰ্চুৱেল পৃথিৱী, য’ত এজন লোক শাৰীৰিকভাৱে উপস্থিত নাথাকিও উপস্থিত থাকিব পাৰে। ইয়াৰ বাবে ভাৰ্চুৱেল ৰিয়েলটি এই ব্যৱহাৰ কৰা হয়।
১০ হাজাৰ লোকক দিব কৰ্মসংস্থাপন
ফেচবুকে এই মাহৰ আৰম্ভণিতে ছচিয়েল নেটৱৰ্কক মেটাভাৰ্ছ বনোৱাত সহায় কৰিবলৈ ১০ হাজাৰ লোকক নিয়োগ কৰাৰ কথা ঘোষণা কৰিছিল।
Photo: Google
Discussion about this post