ৰাজ্যত পুনৰ এনকাউণ্টাৰ (Encounter) আনন্দ মিশ্ৰ বাহিনীৰ। এনকাউণ্টাৰত ধাৰাসায়ী বটদ্ৰৱাৰ কুখ্যাত ড্ৰাগছ মাফিয়া (Drugs Mafia) শ্বিৰাজুল ইছলাম। ড্ৰাগছ মাফিয়া শ্বিৰাজুলক নিশাৰ ভাগত নগাঁও আৰক্ষীয়ে (Nagaon Police) গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে তদন্তৰ বাবে শ্বিৰাজুলক লৈ গৈছিল নিজৰ বাসগৃহত। পুৱতি নিশা আৰক্ষীয়ে শ্বিৰাজুলৰ বাসগৃহত অভিযান চলাই থকাৰ সময়তেই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই তাতেই আৰক্ষীয়ে এনকাউণ্টাৰ কৰে শ্বিৰাজুলক। অভিযানত আৰক্ষীয়ে শ্বিৰাজুলৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছৰ বাকচসহ এটা পিষ্টল।
পিছে কোন এই কুখ্যাত ড্ৰাগছ মাফিয়া শ্বিৰাজুল? শ্বিৰাজুলে কেনেকৈ নগাঁও জিলাৰ (Nagaon) বিভিন্ন স্থানত গঢ়ি তুলিছিল ড্ৰাগছৰ বিশাল সাম্ৰাজ্য? কেনেদৰে চলাইছিল ড্ৰাগছৰ ব্যৱসায়?
নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনীৰ কুখ্যাত ড্ৰাগছ মাফিয়া শ্বিৰাজুল ইছলাম। বিগত বছৰ বছৰ ধৰি এই কুখ্যাত ড্ৰাগছ মাফিয়াই আৰক্ষীৰ চকুত ধূলি দি ধিং – বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত গঢ়ি তুলিছিল ড্ৰাগছৰ বিশাল সাম্ৰাজ্য।
কেইবাবাৰো আৰক্ষীয়ে ড্ৰাগছ, পিষ্টলসহ শ্বিৰাজুলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও বাৰে বাৰে জেলৰ পৰা ওলাই আহিয়েই পুনৰ আৰম্ভ কৰিছিল ড্ৰাগছৰ বেহাত। অৱশেষত নগাঁও আৰক্ষী অধীক্ষক ৰূপে দায়িত্ব গ্ৰহণ কৰিয়েই আনন্দ মিশ্ৰই যোৱা ১৯ মে’ পুনৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল শ্বিৰাজুলক।
পুনৰ একেই কাহিনী, আকৌ জেলৰ পৰা ওলাই আহি আৰু অধিক সক্ৰিয় ৰূপত আৰম্ভ কৰিছিল ড্ৰাগছৰ বেহা। যাৰ ফলত ধ্বংসৰ দিশে গতি কৰিছিল উঠি অহা নৱপ্ৰজন্ম। বৃদ্ধি পাইছিল নানান ধৰণৰ অসামাজিক কাৰ্যকলাপ । আৰু অৱশেষত যোৱানিশা কামপুৰৰ কচুৱাৰ পৰা শ্বিৰাজুলক আনন্দ মিশ্ৰ বাহিনীয়ে গ্ৰেপ্তাৰ কৰি ভৰিত দুটাকৈ গুলীৰে এনকাউণ্টাৰ কৰিলে কুখ্যাত ড্ৰাগছ মাফিয়া শ্বিৰাজুলক। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ড্ৰাগছ মাফিয়া শ্বিৰাজুল বৰ্তমান চিকিৎসাধীন।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-road-accident-at-nagaon-one-died-in-assam/3975/
Discussion about this post