অমানৱীয়! ডিব্ৰুগড়ত (Dibrugarh) এজন লোকে নিৰ্বিচাৰে প্ৰহাৰ কৰিলে হোটেলত কাম কৰা এটি শিশু শ্ৰমিকক (Child Labour)। এখন বাইকৰ বাবেই শিশুটিৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ (Physical Harrasment) চলালে টেটুন গোৱালা নামৰ লোকজনে। লোকজনে ইমান বেয়াকৈ প্ৰহাৰ কৰিলে যে উচুপি উচুপি কান্দি উঠে শিশুটিয়ে। ডিব্ৰুগড়ৰ (Dibrugarh) উপকন্ঠ অঞ্চলৰ নগাঘূলি গ্ৰীণউদ চাহ বাগিছাত সংঘটিত হৈছে এই অমানুষিক ঘটনা।
Watch Video:
শিশুটিয়ে হোটেললৈ অহা লোকজনক বাইকখন পাৰ্কিং কৰিবলৈ কৈছিল। আনকি বাইকখন পাৰ্কিং স্থানত শিশুটিয়ে নিজেই ৰখাই থৈছিল। আৰু সেই কথাতে খং উঠি লোকজনে ১০ বছৰীয়া শ্ৰমিকজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে শিশুটিক প্ৰহাৰ কৰা শিহৰণকাৰী এই ভিডিঅ’টো। ভুক্তভোগী শিশুটি হৰিনন্দ গুপ্তা নামৰ এজন লোকৰ হোটেলত শিশু শ্ৰমিক হিচাপে কৰ্মৰত আছিল দহ বছৰীয়া কিশোৰটি। এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Photo: Khatang Khobor
Discussion about this post