ডিব্ৰুগড়ত (Dibrugarh) জঘন্য ঘটনা। দলবদ্ধ ধৰ্ষণৰ (Gang Rape) বলি এগৰাকী কলেজীয়া ছাত্ৰী। কলেজলৈ যোৱাৰ পথতে প্ৰথমে চলেৰে অপহৰণ (Kidnape)। তাৰ পিছত বলাৎকাৰ। আৰক্ষীৰ কাষ চাপিলেই পৰিয়ালৰ সকলোকেই হত্যা কৰাৰ ভাবুকি। তাৰ ওপৰিও উলংগ ফটো-ভিডিঅ’ (Naked Photo Video) ভাইৰেল (Viral) কৰাৰ কৰাৰ ভাবুকিৰে (Threatning) নিশা কটাবলৈ বাৰে বাৰে হেঁচা ছাত্ৰীগৰাকীক। এই চাঞ্চল্যকৰ অভিযোগ আনিছে খোদ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে।
উল্লেখ্য একেখন কলেজত লগতে একেখন গাঁৱৰে সহপাঠী অৰিয়ন দাসে কলেজলৈ যাবলৈ লগ ধৰিছিল ছাত্ৰীগৰাকীক। প্ৰথমে স্কুটীৰে দুয়ো কলেজলৈ গৈছিল যদিও স্কুটীৰ পে’ট্ৰল শেষ হোৱাত অৰিয়ণ দাসৰ ভিনীয়েক প্ৰৱিত্ৰ হাজৰিকাৰ গাড়ীত কলেজলৈ বুলি ৰাওনা হৈছিল।
ভুক্তভোগী ছাত্ৰীৰ ভাষ্য-
ইয়াৰ পিছতেই ক’ল্ডড্ৰিংক খাবলৈ দিছিল ছাত্ৰীগৰাকীক। তাৰ পিছতেই অচেতন হৈ পৰে ছাত্ৰী গৰাকী। চেতনা ঘূৰাই পাই নিজকে বন্ধ কোঠাত উলংগ অবস্থাত পাই ছাত্ৰীগৰাকীয়ে। ছাত্ৰী গৰাকীয়ে হুলস্থুল কৰিলে ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ সকলোকে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। সেই সময়ত নিজৰ পৰিয়ালৰ প্ৰাণৰ ভয়ত মনে মনে আছিল যুৱতীগৰাকী।
কিন্তু কিছুদিনৰ পিছতেই একেখন গাঁৱৰ দেৱজিত দাস নামৰ এজন যুৱকে ব্লেকমেইলিং (Blackmail) আৰম্ভ কৰে যুৱতীগৰাকীক। যুৱতীগৰাকীয়ে নিশা কটালে দেৱজিতৰ মোবাইলত থকা উলংগ ফটো-ভিডিঅ’ ডিলিট কৰিব বুলি কয় যুৱতীগৰাকীক।
অৱশেষত পৰিয়ালৰ লোকৰ সহায়ত আৰক্ষীৰ কাষ চাপে ভুক্তভোগী ছাত্ৰী গৰাকী। কিন্তু আৰক্ষীক এজাহাৰ দিয়া এসপ্তাহ পাৰ হ’ল যদিও স্বাস্থ্য বিভাগৰ কৰ্মচাৰী পৱিত্ৰ হাজৰিকা, সহপাঠী অৰিয়েন দাস আৰু ONGCৰ কৰ্মচাৰী দেৱজিত দাসৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।
ইফালে, অহা জানুৱাৰীত বিবাহৰ দিন ঠিক কৰি থোৱা আছিল ছাত্ৰীগৰাকীৰ। এই ঘটনাৰ বাবে বৰ্তমান বিবাহ ভংগ হৈছে যুৱতীগৰাকীৰ।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/guwahati-murder-case-wife-and-husband-killed-by-miscreants/3921/
Discussion about this post