৬ বছৰীয়া কন্যা শিশুৰ লোমহৰ্ষক হত্যাকাণ্ডত (Murder) জড়িত তিনি কিশোৰ আৰক্ষীৰ জালত (Arrest)। তিনি কিশোৰৰ সৈতে অশ্লীল ভিডিঅ’ (Porn Video) ছবি চাবলৈ অমান্তি হোৱা ৰূপালী ৰবিদাস নামৰ ৬ বছৰীয়া কিশোৰীগৰাকীক তিনি কিশোৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰি পেলাই থৈছিল শিলভঙা উদ্যোগটিৰ শৌচালয়ত।
কলিয়াবৰ আৰক্ষী থানা (Kaliabar Police) এলেকাধীন বালিবাটৰ বজৰং কেছাৰ উদ্যোগত কাতি বিহুৰ দিনা সংঘটিত ৬ বছৰীয়া কিশোৰীৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাত জড়িত তিনিটাকৈ কিশোৰক বুধবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী।
তিনি কিশোৰৰ সৈতে অশ্লীল ভিডিঅ’ ছবি চাবলৈ অমান্তি হোৱা ৰূপালী ৰবিদাস নামৰ ৬ বছৰীয়া কিশোৰীজনীক তিনি কিশোৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰি পেলাই থৈছিল শিলভঙা উদ্যোগটিৰ শৌচালয়ত।
আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ক্ষোভ এই কাণ্ডক লৈ-
দুৰ্ভগীয়া কিশোৰীগৰাকীৰ ঘৰৰ ওচৰৰে তিনি কিশোৰে দীৰ্ঘদিন ধৰি মোবাইলত অশ্লীল ভিডিঅ’ চোৱাৰ লগতে কিশোৰীগৰাকীক কাতি বিহুৰ দিনা তেনে অশ্লীল ভিডিঅ’ চাবলৈ বাধ্য কৰাত কিশোৰীগৰাকীয়ে তেনে ভিডিঅ’ চাবলৈ আপত্তি কৰাৰ পৰিণতিত কিশোৰীগৰাকীক হত্যা কৰা বুলি পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত।
নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ (Anand Mishra) তৎপৰতাতে কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অনাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনি অভিযুক্ত কিশোৰক।
ঘটনা সন্দৰ্ভত এগৰাকী কিশোৰৰ পিতৃ-গ্ৰেপ্তাৰ হোৱাৰ। কাৰণ ঘটনাৰ সন্দৰ্ভত অবগত হৈও আৰক্ষীক সহযোগ কৰা নাছিল তেওঁলোকে।
উল্লেখ্য যে, এই তিনি অভিযুক্তৰ ভিতৰত আছে এটি শিশুও। ইয়াৰে দুজনৰ বয়স ১১ আৰু এজনৰ বয়স ৮ বছৰ বুলি জানিব পৰা গৈছে।
Photo & Input: ৰাজ হাজৰিকা
আৰু পঢ়কঃ https://khatangkhobor.com/news/importent-news-all-petrol-pump-will-be-close-for-two-days/3744/
Discussion about this post