কৰ্ণাটক (Karnataka)ৰ দাভাংগৰে (Davangere)ত এগৰাকী কিশোৰীয়ে পৰিয়ালটোত বৈষম্যমূলক আচৰণ হোৱাৰ বাবে খাদ্যত বিহ (Poison) মিহলাই পৰিয়ালৰ সদস্যক খুৱাই দিয়ে। যাৰ ফলত পৰিয়ালৰ ৪জন সদস্যৰ মৃত্যু হৈছিল। ফৰেনচিক প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত ঘটনাটো এতিয়া খোলোচা হৈছে।
বাল্যকালৰে পৰা ককা-আইতাৰ ঘৰত ডাঙৰ দীঘল হোৱা
আৰক্ষীয়ে জনোৱা অনুসৰি, দাভাংগেৰ (Davangere) জিলাত বাস কৰা এগৰাকী ১৭ বছৰীয়া কিশোৰীক তাইৰ ককা-আইতাকে সৰুতে নিজৰ ঘৰলৈ লৈ গৈছিল। যেতিয়া তাই ডাঙৰ হৈছিল, তাইৰ পিতৃ-মাতৃয়ে তাইক ৩ বছৰ পূৰ্বে ঘৰলৈ লৈ আহিছিল। দুয়োটা পৰিয়ালে একেখন গাঁৱতে ৩টা গলি এৰি বাস কৰিছিল।
পিতৃয়ে কামৰ বাবে পথাৰলৈ পঠিয়াইছিল
জেৰাত, কিশোৰীগৰাকীয়ে কৈছিল যে তাইৰ পিতৃ-মাতৃয়ে আন কেইগৰাকী ভাতৃ-ভগ্নীক বেছি মৰম কৰিছিল। কিন্তু তাইক গালি আৰু প্ৰহাৰ কৰিছিল। পিতৃয়ে তাইক অষ্টম শ্ৰেণীত নামভৰ্তি কৰোৱাইছিল কিন্তু তাই ভালদৰে পঢ়িব পৰা নাছিল। ইয়াৰ পিছত পিতৃয়ে তাইক কাম কৰিবলৈ
পথাৰলৈ লৈ যাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছতে তাই সমগ্ৰ পৰিয়ালটোক মাৰি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
খাদ্যত বিহ মিহলাই পৰিয়ালক দিয়ে খুৱাই
আৰক্ষীয়ে জনোৱা অনুসৰি কিশোৰীগৰাকীয়ে ১২ জুলাইৰ নিশা খাদ্য ৰান্ধি পৰিয়ালটোক খুৱাইছিল। আহাৰ খোৱাৰ পিছত ৮০ বছৰীয়া আইতা, ৪৫ বছৰীয়া পিতৃ, ৪০ বছৰীয়া মাতৃ, ১৬ বছৰীয়া ভগ্নী আৰু ভাতৃৰ অৱস্থাৰ অৱনতি ঘটিছিল। তেওঁলোক সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল য’ত ভায়েকৰ বাহিৰে সকলোৱে মৃত্যুবৰণ কৰিছিল। এতিয়া ফৰেনচিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে সেই নিশা আহাৰত বিহ মিহলোৱা হৈছিল।
ফৰেনচিক প্ৰতিবেদনে ঘটনাটো খোলোচা কৰিছে
কিশোৰীগৰাকীক যেতিয়া পুনৰ সোধা-পোছা কৰা হৈছিল, তেতিয়া তাই অপৰাধ স্বীকাৰ কৰিছিল। আৰক্ষী বিষয়াসকলেও হত্যাৰ কাৰণ জানি স্তম্ভিত হৈ পৰিছে। আৰক্ষীয়ে অভিযুক্ত কিশোৰীগৰাকীৰ বিৰুদ্ধে হত্যা (Murder)ৰ গোচৰ ৰুজু কৰিছে। অৱশ্যে, নাবালিক হোৱাৰ বাবে, তাইৰ গোচৰটো শুনানিৰ বাবে জুভেনাইল জাষ্টিছ ব’ৰ্ডলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
Photo: Google
Discussion about this post