কৰিমগঞ্জৰ (Karimganj) গাংপাৰ ধলছড়া গাঁৱত এক কৰুণ ঘটনা সংঘটিত হয়। এগৰাকী মহিলাই নিজৰ দুই সন্তানক বিহ খুৱাই হত্যা (Murder) কৰাৰ পিছত আত্মহত্যাৰ (Suicide) দৰে চৰম পথ বাচি লয়। ঘটনাটো সংঘটিত হোৱাৰ পিছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ৰাইজে মাতৃ, পুত্ৰ আৰু কন্যাৰ মৃতদেহ প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত কৰিমগঞ্জ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত কৰিমগঞ্জ আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ ৩টা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
কি কাৰণত মহিলাগৰাকীয়ে নিজৰ দুই সন্তানক হত্যা কৰি নিজেই আত্মহত্যা (Suicide) কৰিলে সেই সম্পৰ্কে বৰ্তমানলৈ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত ৰাইজক সোধ-পোছ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
Photo: Google





























Discussion about this post