ওঁ সর্র্বমঙ্গল মঙ্গল্যে শিৱে সর্ব্বার্থসাধিকে৷
শৰণ্যে ত্র্যম্বকে গৌৰী নাৰায়ণী নমোহস্তুতে৷৷
ষষ্ঠীৰ বেদীত দেৱী দুর্গাক (Durga Puja) প্রতিষ্ঠা কৰাৰ লগে লগেই আৰম্ভ হ’ল পাঁচদিনীয়া শাৰদীয় দুগোর্ৎসৱৰ ৷ পুৰোহিতৰ মন্ত্রোচচাৰণ আৰু আয়তীৰ উৰুলিৰ মাজেৰে আজি দেৱী দুর্গাৰ যথাবিহিত ষষ্ঠী পূজা সম্পন্ন কৰা হ’ব৷
নিয়ম অনুসৰি ষষ্ঠী পূজাৰ সন্ধিয়া দেৱীৰ বোধন, আমন্ত্রণ আৰু অধিবাস সম্পূর্ণ কৰাৰ পাছত এটা প্রতীকী ৰূপত দেৱীক সজাই এডাল কলগছত বিল্ববোধন কৰা হয়৷ ইয়াৰ পাছতেই দেৱীৰ নৱপত্রিকা প্রৱেশ আৰু স্থাপন কৰাৰ পাছত দেৱীৰ সপ্তমী বিহিত পূজা আৰম্ভ হ’ব ৷
অসমৰ সকলো ঠাইতে উৎসৱৰ পৰিৱেশৰ এখন ছবি৷ বিষয়বস্তু, পূৰ্বৰ, নান্দনিকতাৰ সৈতে সামঞ্জস্য ৰাখি উদযাপনৰ ৰং। ভক্তসকলৰ এক সৰ্বশ্ৰেষ্ঠ উৎসৱ দুৰ্গা পূজা।
গুৱাহাটীৰ আকাশ ফৰকাল। প্ৰখৰ ৰ’দকো নেওচি কোনোবাই যদি পূজাত ব্যস্ত হৈ পৰিছে, কোনোবা ব্যস্ত হৈ পৰিছে পূজাৰ বজাৰত। পঞ্জীকা মতে , দেৱীৰ ষষ্ঠাদি কাল আৰম্ভ আৰু বিহিত পূজা পুৱা ৮.৫৯ বজাৰ পিছত আৰম্ভ হয়। দেৱী দুৰ্গাক সন্ধিয়া আমন্ত্ৰণ জনোৱা হ’ব।
Photo: Google





























Discussion about this post