বিগ বজাৰ তলা বন্ধ কৰিলে যোৰহাট জিলা ছাত্ৰ সন্থাই। অসমীয়াৰ বুকুৰ আপোন বিহু নৃত্যক বিকৃত কৰি ছিনহালা গীতৰ সুৰত নৃত্য কৰিছিল বিগ বাজাৰ যোৰহাটে।
পূজা উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত ‘Manike Mage Hithe’ নামৰ ছিনহালা গীতৰ সুৰত বিহু নৃত্য পৰিৱেশন কৰিছিল যোৰহাটস্থিত বিগ বাজাৰ নামৰ শ্বপিং মলটোত। ইয়াক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যোৰহাটত।
সংবাদ কৰ্মীকে ধৰি বহু কেইজন লোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বিগ বাজাৰৰ বিৰুদ্ধে।
ইয়াৰ প্ৰতিবাদত আজি যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনাৰ এটা সজাতি দলে যোৰহাটস্থিত বিগ বজাৰ তলা বন্ধ কৰি দিয়ে।
যদি বিগ বজাৰ উৰ্দ্ধতম কৰ্তৃপক্ষই অসমবাসীৰ আগত কৰযোৰে ক্ষমা নোখোজে তেনেহলে অনিদিষ্টকাললৈ বিগবাজাৰ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে ছাত্ৰ সন্থাই।
Photo & Input: জিন্টু দেওধাই ফুকন
Discussion about this post