সংসাৰ কৰিবৰ মন আছে যদি টকা লৈ আহ। নহ’লে জ্বলাই মাৰিম। পত্নীলৈ এই ভাবুকি স্বামীৰ। ঘটনাটো ধুবুৰী জিলাৰ চাপৰ চক্রৰ অন্তৰ্গত ফুলজুৰিপাৰা নিৱাসী ছিদ্দিক আলীৰ জ্যেষ্ঠ পুত্ৰ ময়দান আলীৰ অমানসিক নিৰ্যাতন সহিব নোৱাৰি পত্নীয়ে স্বামীৰ বিৰুদ্ধে আজি চাপৰ থানাত দাখিল কৰিলে গোচৰ।
তই ঘৰত গুচি যা, তোৰ লগত মোৰ আৰু সংসাৰ নহয়। ঘূৰি নাহিবি এইবাৰ ঘূৰি আহিলে তোক ফাঁচীত ওলমাই থম। মোক হ’লে টকা লাগিবই, টকাৰ বাহিৰে মই তোক চিনি নাপাও।

পিছে ঘটনাটো কি জানেনে? যৌতুক বিচাৰি পত্নীক কৰিলে অমানুষিক নিৰ্যাতন। শহুৰেকৰ পৰা টকা বিচাৰি পত্নীক কৰিলে মাৰপিট। নাৰী নিৰ্যাতনৰ দৰে ঘটনাই সমগ্র দেশ অশান্ত কৰি থকাৰ মাজতে আজিৰ ঘটনাটো আৰক্ষীয়ে কি দৰে লয় সেয়া হ’ব লক্ষনীয়।
Photo & Input: Nurjamal sk





























Discussion about this post