মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্য। হত্যা, ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহকে ধৰি অপৰাধ জগতৰ সকলো অপৰাধৰ সৈতে জড়িত দুৰ্ধৰ্ষ অপৰাধী পলাতক মনিৰুদ্দিনক গ্ৰেপ্তাৰ।
মৰিগাঁও আৰক্ষীৰ (Morigaon Police) মূৰৰ কামূৰণি হৈ পৰা মৈৰাবাৰীৰ দুৰ্ধৰ্ষ অপৰাধী মনিৰুদ্দিন গ্ৰেপ্তাৰ (Arrest)। হত্যা, ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহৰ পাছত মনিৰুদ্দিনে এইবাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ম্যাদ উকলা ঔষধৰ লেবেল সলনি কৰি বজাৰত মুকলি কৰি নিৰীহ লোকক হত্যা কৰাৰ।
২০২১ত উকলি যোৱা আইৰন চিৰাপত ২০২১ৰ ডিচেম্বৰত মেনুফেকচাৰৰ লেবেল মনিৰুদ্দিনৰ। ২০২১ত উকলি যোৱা আইৰন চিৰাপত লেবেল সলনি কৰি ২০২২ত উকলি যোৱা লেবেল লগাই মনিৰুদ্দিনৰ মানুহৰ জীৱনক লৈ পাশৱিক খেলা।
বিভিন্ন হাস্পতাল-ফাৰ্মাচীয়ে পেলাই দিয়া ম্যাদ উকলা ঔষধ সংগ্ৰহ কৰি মনিৰুদ্দিনে ঘৰতে বহি মেনুফেকচাৰ আৰু এক্সপিয়েৰ ডেটৰ লেবেল সলাইছিল বিভিন্ন ঔষধৰ।
মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত গোপন তথ্যৰ পম খেদি পুৱতি নিশা পলাতক মনিৰুদ্দিনক বিষাক্ত ঔষধসহ গ্ৰেপ্তাৰ কৰে।
পূৰ্বে মনিৰুদ্দিনৰ বিৰুদ্ধে কেৱল মৈৰাবাৰী থানাতে পঞ্জীয়ন হৈছিল হত্যা, ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহৰ বহু গোচৰ। সেইসমূহৰ ভিতৰত প্ৰধান গোচৰ সমূহ ক্ৰমে।
1) C/No- 263/16, U/S- 25(1)(a) Arms Act.
2) C/No. 227/15, U/S- 22 NDPS Act.
3) C/No-08/2018, U/S- 302/201 I.P.C.
4) C/No. 301/19, U/S- 20(B)/22(B) NDPS Act. 1945.
5) C/No. 303/19, U/S- 25(1-A) Arms Act.
এই গোচৰসমূহত মনিৰুদ্দিন কেবাবাৰো জেল হাজোতলৈ গৈছে যদিও এইবাৰ পুণৰ মানুহৰ জীৱনক লৈ কৰা ভয়ংকৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ মনিৰুদ্দিন।
Photo & Input: ইকবাল হুছেইন
Discussion about this post