ডবকাৰ নীলবাগানত জাতিৰ পিতা মহাত্মা গান্ধীক অৱমাননা। নীলবাগান দক্ষিণ আশীনগৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ শৌচালয়ৰ দেৱালত অংকন জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবি।
মহাত্মা গান্ধীৰ ছবি অংকন কৰাৰ পিছতে প্ৰতিবাদ মুখৰ হৈ পৰিছে স্থানীয় লোক। মহাত্মা গান্ধীৰ ছবি শৌচালয়ৰ দেৱালত অংকন কৰাত তীব্ৰ গৰিহনা দিয়ে স্থানীয় লোকে। দেশদ্ৰোহী ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে।
এই ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জানিব পৰা অনুসৰি যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত আশীনগৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে MGNREGA আচঁনিৰ অধীনত বিদ্যালয়ৰ চৌহদত মাটি পেলোৱাৰ কাম আৰম্ভ কৰিছিল। কিন্তু সভানেত্ৰী অন্য ঠাইত সেই কামৰ নাম ফলক নবনোৱাকৈয়ে শৌচালয়ৰ দেৱালত অংকন কৰিছিল নাম ফলক।
শৌচালয়ৰ দেৱালত থকা নাম ফলকত মহাত্মাগান্ধীৰ ছবি প্ৰত্যক্ষ কৰি সভানেত্ৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় লোক। লগতে কেবালক্ষাধিক টকাৰ কামত অনুমানিক ২৮ হাজাৰ টকাৰ মাটি পেলাই কাম সম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপন কৰে সভানেত্ৰীৰ বিৰুদ্ধে।
Photo & Input: এবাদুৰ ৰহমান
Discussion about this post