ছিপাঝাৰৰ গৰুখুটিত বৃহস্পতিবাৰে উচ্ছেদ অভিযানৰ সময়ত এগৰাকী মাটিত ঢলি পৰা প্ৰতিবাদকাৰীক নিষ্ঠুৰভাৱে প্ৰহাৰ কৰা কেমেৰামেনজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এইগৰাকী নিষ্ঠুৰ ফটোগ্ৰাফাৰৰ কাণ্ডই দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছিল।
টুইটাৰযোগে এই কথা সদৰি কৰে অসম আৰক্ষীয়ে। এই সন্দৰ্ভত তদন্তৰ বাবে চি আই ডি শাখাত গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে।
Important Update
In connection with the viral video of an incident at Gorukhuti, the said Cameraman has been arrested and a case has been registered by @AssamCid for further investigation.
— Assam Police (@assampolice) September 23, 2021
চাওক Video-
প্ৰশাসনে ফটোগ্ৰাফাৰজনৰ নাম ৰাজহুৱা কৰা নাই যদিও একাংশ সংবাদমাধ্যমত প্ৰকাশিত বাতৰিৰ ভিত্তিত জানিব পৰা অনুসৰি যুৱকজন দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ ফটোগ্ৰাফাৰ বিজয় শংকৰ বণিয়া। তেওঁক দিনটোৰ কাৰ্যসূচী কেমেৰাত আবদ্ধ কৰিবলৈ প্ৰশাসনে দায়িত্ব প্ৰদান কৰিছিল।
ইফালে গৰুখুটি ঘটনাক লৈ আজি ১২ ঘণ্টীয়া দৰং জিলা বন্ধ ঘোষণা। ছিপাঝাৰ-ধলপুৰ চৰাঞ্চলত সংঘটিত হোৱা উচ্ছেদ অভিযানৰ বিৰোধিতাৰে ১২ ঘণ্টীয়া দৰং জিলা বন্ধ ঘোষণা বহু কেইটা দল-সংগঠনৰ। ২৪ ছেপ্টেম্বৰ শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ বন্ধ ঘোষণা ।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো সেই ভাইৰেল ভিডিঅ’ৰ ফটোগ্ৰাফাৰজনক তাৎক্ষণিক গ্ৰেপ্তাৰৰ নিৰ্দেশনা প্ৰদান কৰিছিল।
উল্লেখ্য বৃহস্পতিবাৰে ছিপাঝাৰৰ গৰুখুঁটিত আৰক্ষীৰ উচ্ছেদ অভিযান চলিছিল। অভিযানত ২জনকৈ লোকৰ মৃত্যু ঘটিছিল।
ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ বজাৰ এৰিয়া, পশ্চিম চুবা, ১নং ধলপুৰ আৰু ৩নং ধলপুৰত পৃথকে উচ্ছেদ অভিযান চলাই যদিও ১নং ধলপুৰ আৰু ৩নং ধলপুৰত পুৱাৰে পৰা উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি আছিল।
Photo: Khatang Khobor
Discussion about this post