নিজে শিক্ষানুষ্ঠানৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি নগাঁৱত ছাত্ৰ বহিস্কাৰ হোৱাৰ ঘটনাৰ পিছত চাঞ্চল্যৰ সৃষ্টি। অভিভাৱকৰ গুৰুত্বৰ অভিযোগ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ বিৰুদ্ধে। জিলা উপায়ুক্তক অভিযোগ দাখিল।
ঘটনাৰ বিবৰণী অনুসৰি ৯ ছেপ্টেম্বৰত নগাঁও চহৰৰ কলং কঁপিলী বিদ্যাপীঠৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ বিমান শইকীয়াই Whatsappৰ ষ্টেটাছত নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কিছু আপত্তিজনক মন্তব্য কৰে। এই মন্তব্য দৃষ্টিগোচৰ হোৱাত কলং কপিলি বিদ্যাপীঠৰ কৰ্তৃপক্ষই ছাত্ৰজনক তৎক্ষণাত শিক্ষানুষ্ঠানখনৰ পৰা বহিস্কাৰ কৰে।
অভিভাৱক-
শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ-
এই মন্তব্য কৰাৰ পিছত ছাত্ৰজনে নিজে অনুতপ্ত হৈ নিজেই শিক্ষানুষ্ঠানৰ অধ্যক্ষক ক্ষমা প্ৰাৰ্থনা বিচাৰি এখন ক্ষমা পত্ৰও প্ৰেৰণ কৰে বুলি ছাত্ৰগৰাকীৰ অভিভাৱকে জানিবলৈ দিয়ে।
আনহাতে শিক্ষানুষ্ঠান কর্তৃপক্ষই ছাত্ৰজনক কোনো কাৰণতে শিক্ষানুষ্ঠানখনলৈ আহিব নোৱাৰিব বুলি নিষেধাজ্ঞা প্ৰদান কৰে। অৱশ্যে বৰ্ডৰ ফাইনেল পৰীক্ষাহে বহিব পাৰিব বুলি ছাত্ৰজনৰ পিতৃ-মাতৃক অৱগত কৰে।
ইমান কাকুতি-মিনতি কৰাৰ পিছতো শিক্ষানুষ্ঠানখনে ছাত্ৰজনক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাত বৰ্তমান ছাত্ৰজন মানসিকভাবে ভাঙি পৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
আনহাতে ছাত্ৰজনৰ অভিভাৱকে ক’ভিড পৰিস্থিতিৰ সময়ত শিক্ষানুষ্ঠানখনত পৰিশোধ কৰিবলগীয়া মাচুলৰ ৰেহাই বিচৰাৰ বাবেই অধীক্ষকজনে এনে পৰিস্থিতি কৰা বুলি অভিযোগ কৰে।
শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ এনে নিৰ্দয় আৰু কঠোৰ সিদ্ধান্তত উপায়ন্তৰ হৈ ছাত্ৰজনৰ অভিভাৱকে কলং কঁপিলী বিদ্যাপীঠৰ অধ্যক্ষৰ বিৰূদ্ধে নগাঁও জিলা উপায়ুক্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকক লিখিত অভিযোগ দাখিল কৰিছে।
ছাত্ৰজনে এনেদৰে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা ঘটনাত নগাঁৱৰ সচেতন মহলৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নগাঁৱৰ ছাত্ৰ সংগঠন সমূহেও ছাত্ৰজনক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবলৈ শিক্ষানুষ্ঠানখনক আহ্বান জনায় ।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post