ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে স্বাস্থ্য বিভাগত আমোল পৰিৱৰ্তন কথা যিমানেই প্ৰচাৰ নকৰক কিয় কিন্তু তাৰ প্ৰকৃত ছবিখন সম্পূর্ণ ওলোটা। প্ৰসূতিৰ সন্তান জন্মৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও কিমান ফলপ্রসূ হৈছে এইসমূহ আঁচনি ? তাৰে প্ৰমাণ পোৱা গ’ল ধিং এফ আৰ ইউত।
এগৰাকী প্ৰসূতিৰ সন্তান জন্ম হোৱাৰ পিছত কিদৰে দাবী কৰা ধন লৈছে এইসকল স্বাস্থ্য কৰ্মীয়ে সেয়া সমগ্ৰ দৃশ্য বন্দী হ’ল গোপন কেমেৰাত। স্বাস্থ্য কৰ্মীয়ে ধন লোৱাৰ সমগ্র দৃশ্য ভুক্তভোগীয়ে নিজেই বন্দী কৰিলে কেমেৰাত।
ধন লোৱা দৃশ্য-
ভুক্তভোগীৰ ভাষ্য-
মুঠ ১০০০ টকা দাবী কৰিছিল এইসকল স্বাস্থ্য কৰ্মীয়ে। দৰিদ্ৰ লোকৰ পৰা লোৱা এই ধনৰ ভাগ এফ আৰ ইউ খনৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া দিগেন চন্দ্র ৰায়েও পাই বুলি সন্দেহ কৰিছে ভুক্তভোগীয়ে।
উল্লেখ্য ধিঙৰ ১নং কান্ধুলিমাৰীৰ খাজিমুদ্দিনৰ পত্নী মমিনা খাতুনে ধিং এফ আৰ ইউত জন্ম দিছিল এটি পুত্ৰ সন্তানৰ আৰু তাৰ পিছতে খাজিমুদ্দিনক স্বাস্থ্য কৰ্মীয়ে দাবী কৰিছিল এহাজাৰ টকা। পৰিয়ালৰ লোকে বাৰে বাৰে কাকুতি মিনতি কৰাৰ পিছতো দাবী কৰা ধন আদায় কৰিহে এৰিলে দুৰ্নীতি পৰায়ন স্বাস্থ্য কৰ্মীয়ে। প্ৰশ্ন হয় স্বাস্থ্য বিভাগত আমোল পৰিৱৰ্তন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে কি উত্তৰ দিব এই ক্ষেত্ৰত?
Photo & Input: ছাইদুল ইছলাম
Discussion about this post