শিৱসাগৰত সংঘটিত হৈছে তিনি তালাকৰ(Triple Talaq) ঘটনা! ধাই আলিৰ চৈয়দ ৱাহিদ হুছেইন নামৰ এজন লোকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অধিবক্তা পত্নীয়ে। ইতিমধ্যে মুচফি চুলতানা আহমেদ নামৰ অধিবক্তাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 1057/21 নম্বৰত Muslim women Protection of Rights on Marriage actৰ 4 ধাৰাৰ লগতে 401 আৰু 498 ( A) ধাৰাত গোচৰ ৰুজু কৰিছে যদিও ৱাহিদ হুছেইনৰ লগত মিতিৰালি কৰি ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তাগৰাকীয়ে।
ইফালে বিবাহৰ দুমাহৰ পিছতে তিনি তালাক দি পত্নীক খেদি দিয়া ৱাহিদ হুছেইনে পত্নীৰ সোণৰ আ-অলংকাৰ অবৈধভাৱে Mothoot Financeত গ’ল্ড লোণ লৈ বন্ধকত দিয়াৰ লগতে শাহুৱেক ৰুছনা বেগমৰ ৩ কঠা ৭ লেচা মাটি অবৈধভাৱে দখল কৰাৰো অভিযোগ উত্থাপন কৰিছে মুচফি চুলতানাই। এই সন্দৰ্ভতো মঙলবাৰে এক এজাহাৰ দাখিল কৰিছে ৰুছনা বেগমে।
মুচফি চুলতানাৰ মন্তব্য-
আনহাতে আৰক্ষীক মেনেজ কৰি তিনিটাকৈ গুৰুতৰ অপৰাধ কৰিও বৰ্তমানলৈকে সাৰি যোৱা ৱাহিদ হুছেইনক কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰিছে জাগৃত মহিলা সমিতি, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে।
Photo & Input: ফৰিদ আলী
Discussion about this post