বাক্সাৰ শালবাৰীত ফেচবুকত দেশবিৰোধী আপত্তিজনক পোষ্ট কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় এজন যুৱক। গ্ৰেপ্তাৰ হোৱা যুৱকজন ৰফিকুল ইছলাম ওৰফে পাখী ৷ পাখী “পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া” নামৰ সংগঠন এটাৰ সদস্য বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে ৷
ৰফিকুল ইছলাম ওৰফে পাখীৰ ঘৰ শালবাৰীৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ভকুৱামাৰীত। কেবাদিনো ধৰি সামাজিক মাধ্যম ফেচবুকত বহু দেশবিৰোধী আপত্তিজনক পোষ্ট দি মন্তব্য কৰি আহিছিল ধৃত ৰফিকুল ইছলামে।
শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীয়ে নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰফিকুল ইছলামক ৷
শালবাৰী আৰক্ষী থানাত 69/2021 নম্বৰত গোচৰ ৰুজু কৰি us/124 (A) /153(A) /153(B) / 298/ 505 IPC r/w sec 66-F IT Act ৰ অধীনত শালবাৰী আৰক্ষীয়ে আটক কৰে ৰফিকুলক ৷
শালবাৰী আৰক্ষীয়ে ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিশেষ কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে।
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post