অভিনেতা সিদ্ধাৰ্থ শুক্লা (Sidharth Shukla)ৰ বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। বিগ বছ-১৩ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ (Sidharth Shukla) বয়স আছিল ৪০ বছৰ আৰু এই বয়সত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ (Sidharth Shukla Death) মৃত্যুত সকলোৱে হতবাক হৈ পৰিছে।
হৃদৰোগ আৰু হৃদ আক্ৰমণৰ (Heart Attack) ঘটনা সাধাৰণতে এক নিৰ্দিষ্ট বয়সত প্ৰতিবেদিত হয়, কিন্তু বিগত এবছৰত যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেক হৈ মৃত্যুৰ ঘটনা বৃদ্ধি পাইছে। যুৱ সকলে ক্ৰমান্বয়ে হৃদৰোগত আক্ৰান্ত হোৱাৰ কাৰণবোৰ কি আহক জানো।
জাংক ফুড
জাংক ফুডত কেলৰি বহুত বেছি থাকে আৰু Cholesterol স্তৰো বৃদ্ধি কৰে। অত্যাধিক জাংক ফুড খোৱাটোৱে হৃদৰোগৰ আশংকাও বৃদ্ধি কৰে।
কামৰ হেঁচা
ব্যস্ত জীৱনশৈলী আৰু ডাইটৰ অভাৱৰ বাবে যুৱ প্ৰজন্মৰ মাজত এই সমস্যাটো বৃদ্ধি হ’বলৈ ধৰিছে। কামৰ হেঁচা, ঘণ্টা ধৰি বহি থকা অভ্যাস আৰু জাংক ফুডৰ ফলত স্বাস্থ্য প্ৰভাৱিত হৈছে। আনহাতে, যদি আপুনি ভোক লাগিলে জাংক ফুড খায়, ই ৰক্তনলীবোৰ প্ৰভাৱিত কৰে। ইয়াৰ ফলত কম বয়সতে উচ্চ ৰক্তচাপ হ’ব পাৰে।
ষ্টেৰইড
বলীউডৰ তাৰকাসকলৰ দৰে দেহ বনাবলৈ গৈ যুৱক-যুৱতীসকলে জিমত ঘন্টাৰ পিছত ঘণ্টা ঘাম ওলায় আৰু কেইবাবাৰো Nutrition Supplement গ্ৰহণ কৰে। ইয়াৰে এম্বোলিক ষ্টেৰইডৰ দৰে সামগ্ৰীয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। বিশেষজ্ঞসকলৰ মতে, ই হৃদ আক্ৰমণৰ আশংকা বৃদ্ধি কৰে।
নিচা
প্ৰায়ভাগ যুৱ প্ৰজন্মই ১৮ৰ পৰা ২৫ বছৰ বয়সত ধূমপান আৰু সুৰা সেৱন কৰা আৰম্ভ কৰে। চিকিৎসকসকলৰ মতে, এয়া যুৱ লোকসকলৰ মাজত হৃদৰোগৰ এক মুখ্য কাৰণ। যুৱক-যুৱতীসকলে তেওঁলোকৰ আসক্তিৰ বাবে কাৰ্ডিওভাস্কুলাৰ হৃদৰোগত আক্ৰান্ত হৈছে, যাৰ ফলত তেওঁলোকৰ হৃদআক্ৰমণৰ আশংকাও বৃদ্ধি হয়।
এই লক্ষণবোৰ উপেক্ষা নকৰিব
এইটো এনেকুৱা নহয় যে হৃদ আক্ৰমণ এটা নিৰ্দিষ্ট বয়সতে আহে। যিকোনো ব্যক্তি ভুক্তভোগী হ’ব পাৰে, কিন্তু যদি আপুনি কিছুমান লক্ষণ লক্ষ্য কৰে তেন্তে আপুনি সতৰ্ক হোৱা উচিত।
অনিদ্ৰা, উশাহ লোৱাত অসুবিধা, অত্যাধিক ভাগৰ, অনিয়মীয়া হৃদস্পন্দন আৰু ভৰি ফুলা হৃদ আক্ৰমণৰ লক্ষণ হ’ব পাৰে। এই লক্ষণবোৰত গুৰুত্ব দিয়ক আৰু লগে লগে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওঁক।
Photo: Google
Discussion about this post