Iran names Mojtaba Khamenei as new supreme leader after father’s killing …
ইৰাণৰ শাসকীয় ধৰ্মগুৰুসকলে দেওবাৰে প্ৰয়াত আয়াতুল্লাহ আলী খোমেইনীৰ পুত্ৰ মোজতাবা আলী খোমেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে । ইৰাণৰ প্ৰেছ টিভিয়ে এক্সত পোষ্ট কৰি এই কথা প্ৰকাশ কৰিছে । পোষ্টটোত কোৱা হৈছে, “ইৰাণৰ বিশেষজ্ঞ বিধানসভাই আয়াতুল্লাহ ছায়েদ মোজতাবা খোমেইনীক ইছলামিক ৰিপাব্লিকৰ নতুন নেতা হিচাপে নিযুক্তি দিছে ।”
মুজতাবা আলী খোমেইনী আয়াতুল্লাহ আলী খোমেইনীৰ দ্বিতীয় পুত্ৰ । খবৰ অনুসৰি ইৰাণৰ বিশেষজ্ঞ বিধানসভাই ইৰাণীসকলক ঐক্য বজাই ৰাখিবলৈ আৰু মুজতাবা খোমেইনীৰ সৈতে থিয় দিবলৈ আহ্বান জনাইছে । খোমেইনী সৰ্বোচ্চ নেতা নিৰ্বাচিত হোৱাৰ পিছত সমগ্ৰ ইৰাণত বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহি আনন্দ প্ৰকাশ কৰে । ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ চমুকৈ IRGC আৰু সশস্ত্ৰ বাহিনীৰ জেনেৰেল ষ্টাফে খোমেইনীৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে ।





























Discussion about this post