বনতাৰাত লিঅ’নেল মেছিৰ বন্যপ্ৰাণী দৰ্শনৰ অবিস্মৰণীয় অভিজ্ঞতা …
ফুটবল জগতৰ আইকন লিঅ’নেল মেছিয়ে অনন্ত আম্বানিৰ দ্বাৰা স্থাপিত গুজৰাটৰ জামনগৰস্থিত বনতাৰা শীৰ্ষক বন্যপ্ৰাণীৰ উদ্ধাৰ তথা পুনৰ সংস্থাপন কেন্দ্ৰটি বিশেষভাবে পৰিদৰ্শন কৰে। ভ্ৰমণ কালত মেছিয়ে সংস্থাটোৰ প্ৰতিপালন কৰোতা আৰু সংৰক্ষণত নিয়োজিত দলসমূহৰ সৈতেও মত বিনিময় কৰে। লিঅ’নেল মেছিৰ ভাৰত ভ্ৰমণকালত তেওঁ ব্যাপকভাবে পৰিচিতি লভা মানৱীয়তাৰ প্ৰমূল্যবোধৰ প্ৰতিফলন ঘটাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ অনন্ত আম্বানিৰ সৈতে তেওঁৰ বন্ধুত্ব তথা আন্তৰিকতাৰো প্ৰতিফলন ঘটে।
তেওঁৰ ইণ্টাৰমিয়ামীৰ দলীয় সদস্য লুই ছুৱাৰেজ আৰু ৰড্ৰিগ ডেপলৰে সৈতে কেন্দ্ৰটিত উপস্থিত হোৱা মেছিক আকৰ্ষণীয় লোক-সংগীত, আৰ্শীবাদসূচক পুষ্পবৃষ্টি আৰু আনুষ্ঠানিক আৰতিৰে আদৰণি জনোৱা হয়।
বনতাৰাত থকা সিংহ, নাহৰফুটুকী, ঢেঁকীয়াপতীয়াকে ধৰি বিভিন্ন অন্যান্য দুষ্প্ৰাপ্য প্ৰজাতিৰ যতনৰ কেন্দ্ৰত উপস্থিত হোৱা মেছিয়ে প্ৰাকৃতিক পৰিবেশত বন্যপ্ৰাণীসমূহৰে সৈতে ভালেখিনি সময় কটায়।
ইয়াৰ পাচতে তেওঁ সৰীসৃপৰ যতনৰ কেন্দ্ৰটি পৰিদৰ্শন কৰাৰ লগতে বন্যপ্ৰাণীৰ মাল্টি স্পেচিয়েলিটি হাস্পতাল পৰিদৰ্শন কৰি গড়, জিৰাফ আৰু হাতীকে ধৰি বন্যপ্ৰাণীসমূহৰ চিকিতসা আৰু অপাৰেচন পদ্ধতিও প্ৰত্যক্ষ কৰি অভিজ্ঞতা লভে। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বন্যপ্ৰাণী আৰু সেইসমূহৰ সংৰক্ষণ প্ৰতি থকা স্পৃহাৰকো উষ্ম প্ৰশংসা কৰে।
তাৰকাগৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ লগতে অনন্ত আম্বানিয়ে এটি সিংহ পোৱালিক তাৰকাগৰাকীৰ অনুসৰণেৰে লিঅ’নেল নামেৰে নামাকৰণ কৰে।
মেছিয়ে ৰোগীয়া মাতৃ প্ৰতিমাৰে সৈতে ২ বছৰৰ আগতে উদ্ধাৰ কৰা মাণিকলাল নামৰ হাতীটোও হাতীৰ যতনৰ কেন্দ্ৰত দৰ্শন কৰে।মেছিয়ে হঠাতে ফুটবল খেলাৰ ভংগীৰে মাণিকলালৰ সৈতে কৰা ধেমালিয়েও সকলোকে আনন্দ যোগায়। লক্ষণীয়ভাবে পোৱালিটোৱেও মেছিৰ ধেমালিৰ প্ৰতি সঁহাৰি জনোৱা দেখা যায়।
অনন্ত আম্বানিৰ সৈতে স্পেনিট ভাষাত বাৰ্তালাপ কৰি লিঅ’নেল মেছিয়ে কয় যে “বনতাৰা কেৱল সৌন্দৰ্যশালীয়েই নহয়, বন্যপ্ৰাণীসমূহৰ বাবে কৰা পৰিশ্ৰম, তেওঁলোকৰ প্ৰতি লোৱা যতন আৰু সেইসমূহক উদ্ধাৰ কৰাৰ পদ্ধতি সঁচাকৈয়ে দৰ্শনীয়। ই সঁচাকৈয়ে চমতকাৰ। ইয়াত আমি ভালেমান আনন্দৰ মুহূৰ্ত কটালো আৰু ইয়াৰ অভিজ্ঞতা মই কাহানিও পাহৰিব নোৱাৰিম। আপোনালোকৰ এই অতুলনীয় প্ৰচেষ্টাক সমৰ্থন যোগাবলৈ মই নিশ্চয় পুনৰ এবাৰ এই কেন্দ্ৰ দৰ্শন কৰিম।”





























Discussion about this post