অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেতিয়া সলনি হ’ব সেই বিষয়ে পূৰ্বেই সকলো জানিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। AICC য়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেতিয়া সলনি কৰিব সেই কথা মুখ্যমন্ত্ৰীয়ে আনকি কেইবা মাহৰ পূৰ্বেই স্বয়ং ভূপেন বৰাকে কৈছিল বুলি বুলি উল্লেখ কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই।
২৬ মে’, ২০২৫ সোমবাৰে AICC য়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰাত সেয়ে আচৰিত হোৱা নাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ পূৰ্বেই এই কথা জানে বুলি উল্লেখ কৰে।
তেওঁ কয়, ‘‘কেইমাহ মান পূৰ্বে দিলীপ শইকীয়া, মই আৰু ভূপেন বৰা একেলগে দিল্লীৰ পৰা গুৱাহাটীলৈ একেখন ফ্লাইটত আহিছিলো। দিলীপ শইকীয়া সাক্ষী আছিল। তেতিয়াই মই ভূপেন বৰাক কৈছিলো- তোমাক এপ্ৰিল মে’ মাহত ভাঙি দিব। আজি অলপ আগত দিলীপ শইকীয়াই ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পালে?’’
ড০ শৰ্মাই আৰু কয়, ‘‘তেওঁলোকে যেতিয়া দলটো ভাঙি যায় তেতিয়া আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব। যেতিয়া ইলেকচন আহে, টিকট দিয়াৰ সময় হয়, প্ৰাৰ্থীৰ ঘৰত অহা-যোৱা আৰম্ভ হয় সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয়।‘’
ইফালে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই ভাষ্যৰ আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, মুখ্যমন্ত্ৰীক মই লগ পোৱা কথাটো সঁচা।
তেওঁ কয়, ‘’মুখ্যমন্ত্ৰীক মই উৰা জাহাজত দিল্লীৰ পৰা আঁহোতে লগ পোৱাতো সঁচা আৰু এইটো মই আগতেও আপোনালোকক সংবাদ মাধ্যমৰ আগত কৈছিলো। লখিমপুৰৰ মিটিং এখনত আৰু APCC ৰ মিডিয়া বিভাগৰ মিটিঙতো এই কথা কৈছিলো।
‘’মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছো বুলি কৈছিল সেই কথা ওলালে ক’ৰ পৰা? তেতিয়া তেখেতে মোক কৈছিল তোমাৰ এপ্ৰিল, মে’ মাহত চকী খনেই নাথাকিব। তুমি মোক কেনেকৈ আঁতৰাবা?’’
মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে তেওঁ তেতিয়াই তেওঁক উভতি ধৰাৰ কথাও উল্লেখ কৰিছে। তেওঁ কয়, ‘’তেতিয়া মই তেখেতক কৈছিলো যে, আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়। আপুনি মোক যিটো বাৰ্তা দিছে সেই বাৰ্তাৰ উৎস দুৰ্বল।‘’
Discussion about this post