Small but MIGHTY! ব্ৰিটেইনৰ গট টেলেণ্ট (Britain’s Got Talent) ২০২৫ ৰ ফাইনেলিষ্ট হিচাপে গ্ল’বেল স্পটলাইটত অসমৰ কাৰ্বি আংলঙৰ ৯ বছৰীয়া বিনিতা চেত্ৰীয়ে স্থান লাভ কৰিছে। আনন্দ উল্লাসেৰে পৰিপূৰ্ণ মঞ্চত বিনিতাৰ প্ৰদৰ্শনে বিচাৰক আৰু দৰ্শক উভয়কে আপ্লুত কৰিবলৈ সক্ষম হয়। তেওঁ দিয়া উজ্জ্বল প্ৰদৰ্শনেৰে জয় কৰিছে বিশ্ববাসীৰো হৃদয়।
শ্ব’টোৰ অফিচিয়েল হেণ্ডেলে প্ৰকাশ কৰা ভিডিঅ’ত বিনিতাই কয় ‘‘এই পৰ্যায়ত উপনিত হৈ অত্যন্ত সুখী, নিজৰ প্ৰদৰ্শনক লৈ মই গৰ্বিত আৰু লগতে কয় মোৰ সপোনবোৰ বাস্তৱত পৰিণত হ‘ল। ‘‘
বিশ্বমঞ্চত তেওঁৰ এই সাফল্যৰ খবৰে সম্প্ৰতি অসম তথা সমগ্ৰ ভাৰতকে গৌৰাম্বিত কৰিছে। বিনিতা চেত্ৰীৰ মূল ঘৰ হৈছে অসমৰ বোকাজানৰ অমৰাজান, আৰু বৰ্তমানত তেওঁ ৰাজস্থানৰ জয়পুৰস্থিত মাই অ’ন স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক Hope and Innocence প্ৰতীক আখ্যা দি ছ’চিয়েল মিডিয়াত তেওঁৰ আনন্দৰ ভাগ বতৰা কৰে। তেওঁ লিখিছে, ‘কণমানিজনীলৈ মোৰ শুভেচ্ছা। তাইৰ Pink Princess House ৰ সপোন বাস্তৱায়িত হওক।‘
Discussion about this post