‘If China does not withdraw…’: Donald Trump sets April 9 deadline for 50% additional tariffs on Beijing
শুল্ক নীতিক লৈ চীনে ড’নাল্ড ট্ৰাম্পক কঠোৰ সতৰ্কবাণী জাৰি কৰিছিল। তেওঁলোকে আমেৰিকাৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰিছিল। ৪৮ ঘণ্টাৰ ভিতৰতে চীনৰ বিৰুদ্ধে প্ৰতিশোধৰ বাৰ্তা দিলে আমেৰিকাই।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে (আমেৰিকাৰ সময় অনুসৰি পুৱা ১১:৩০ বজাত, ভাৰতৰ সময় অনুসৰি নিশা ৯ বজাত) চীনৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ আমদানি শুল্কৰ কথা ঘোষণা কৰে।
এই নতুন সিদ্ধান্তই চীনৰ সামগ্ৰীৰ ওপৰত আমেৰিকাৰ শুল্ক ৮৪ শতাংশলৈ বৃদ্ধি কৰিলে, যিটো এতিয়ালৈকে সৰ্বাধিক। ইয়াৰ উপৰিও ১০ শতাংশ ‘গ্ল’বেল টেৰিফ’ আছে, যিটো বিশ্বৰ সকলো দেশতে প্ৰযোজ্য বুলি হোয়াইট হাউছে জনাইছে। ইয়াৰ ফলত চীনৰ ওপৰত আমেৰিকাৰ মুঠ শুল্ক ৯৪ শতাংশলৈ বৃদ্ধি পালে।
ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই কথা পোষ্ট কৰি লিখিছে, ‘কালি চীনে আমাৰ সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ ওলোটা শুল্ক আৰোপ কৰিছিল। ইতিমধ্যে তেওঁলোকে অভিলেখ শুল্ক, অ-আৰ্থিক বাধা, অবৈধ কোম্পানী ৰাজসাহায্য আৰু দীৰ্ঘম্যাদী মুদ্ৰাৰ প্ৰতাৰণাৰ জৰিয়তে আমাৰ দেশৰ বিৰুদ্ধে দ্বৈত মানদণ্ড আৰু অন্যায় সংঘটিত কৰিছে। মই আগতেও সকীয়াই দিছো যে যদি কোনো দেশে আমাৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰে তেন্তে আমি প্ৰত্যুত্তৰত আৰু অধিক শুল্ক আৰোপ কৰিম।’
তেওঁ লগতে সকীয়াই দিয়ে যে, “যদি চীনে কাইলৈ অৰ্থাৎ ২০২৫ চনৰ ৮ এপ্ৰিলৰ ভিতৰত নিজৰ অতিৰিক্ত ৩৪ শতাংশ শুল্ক প্ৰত্যাহাৰ নকৰে, তেন্তে ৯ এপ্ৰিলৰ পৰা নতুন ৫০ শতাংশ শুল্ক কাৰ্যকৰী হ’ব।”
এই ঘোষণাৰ সমান্তৰালকৈ ট্ৰাম্পে ঘোষণা কৰে যে বেইজিঙৰ সৈতে হোৱা যিকোনো আলোচনা তৎক্ষণাত বন্ধ কৰি দিয়া হৈছে। তেওঁ লিখিছে, ‘চীনৰ পৰা আমাৰ সৈতে জনোৱা আলোচনাৰ অনুৰোধ বাতিল কৰা হৈছে। আমাৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ নকৰা আন দেশসমূহৰ সৈতে আলোচনাৰ পথ মুকলি থাকিব আৰু বৈঠকসমূহ দ্ৰুতভাৱে আৰম্ভ হ’ব।’
যোৱা ৭২ ঘণ্টাত ট্ৰাম্পে পাৰস্পৰিক শুল্ক ঘোষণা কৰাৰ বাবে শ্বেয়াৰ বজাৰ আৰু খাৰুৱা তেলৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে এই শুল্কসমূহ বিশুদ্ধভাৱে পাৰস্পৰিক – আমি আমাৰ প্ৰতি যিদৰে কৰে, সেইদৰেই তেওঁলোকৰ প্ৰতি কৰিম।’
তেওঁ চীনক পুনৰ আক্ৰমণ কৰি কয়, “চীনে দশক দশক ধৰি শুল্কৰ নামত আমেৰিকাৰ বিৰুদ্ধে চৰম অন্যায় সংঘটিত কৰি আহিছে।” চীনে ইয়াৰ প্ৰতিশোধমূলক পদক্ষেপ হিচাপে অতিৰিক্ত ৩৪ শতাংশ শুল্ক আৰোপ কৰে, যিটো ট্ৰাম্পে আৰোপ কৰা শুল্কৰ সমান। কিন্তু এই কাণ্ডৰ পূৰ্বে বেইজিঙে সকীয়াই দিছিল যে এই পাৰস্পৰিক শুল্ক যুদ্ধই বিশ্বৰ দুখন বৃহত্তম অৰ্থনীতিৰ মাজত সংঘাত আৰম্ভ কৰিব পাৰে, যিটো ‘বেদনাদায়ক’ হ’ব আৰু ‘কাৰো লাভ নহ’ব’।
Discussion about this post