হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..
হলৌ বান্দৰ সংৰক্ষণৰ বাবে বিখ্যাত তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চল । বিলুপ্তপ্ৰায় হলৌ বান্দৰ আৰু মানুহৰ সহৱস্থানৰ বাবে বিশ্বজুৰি চৰ্চিত এই অঞ্চলটো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ‘মন কী বাত’ অনুষ্ঠানত বাৰেকুৰিবাসীৰ প্ৰশংসা কৰিছে । সকলোৰে চিনাকি নাম এই বাৰেকুৰি অঞ্চলৰ ২১ খন গাঁৱত পাঁচটাকৈ হলৌ বান্দৰৰ পৰিয়ালৰ মুঠ ২১ টাকৈ হলৌ বান্দৰে ঘৰচীয়া জন্তুৰ দৰেই বাস কৰি আহিছে সকলোৰে মৰম-চেনেহৰ মাজেদি ৷
অৱশেষত হলৌ সংৰক্ষণৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ বাৰেকুৰিবাসীৰ এই প্ৰশংসনীয় পদক্ষেপে আন এক স্বীকৃতি লাভ কৰিলে । এইবাৰ অসম চৰকাৰে প্ৰদান কৰিব সন্মানীয় অসম গৌৰৱ বঁটা হলৌবন্ধু বাৰেকুৰিলৈ। বাৰেকুৰিৰ হলৌ বান্দৰ সংৰক্ষণ, সজাগতা, পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিলৈ আগবঢ়োৱা হ’ব ২০২৪ চনৰ অসম গৌৰৱ বঁটা । দেওবাৰে সংবাদমেলযোগে এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
Discussion about this post