দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। ডমিনিকাৰ (Dominica) প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই কথা এক বিবৃতিযোগে সদৰী কৰিছে।
কোভিড-১৯ৰ (COVID-19) সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ডমিনিকালৈ (Dominica) আগবঢ়োৱা সহযোগিতাৰ বাবেই দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্যা ডমিনিকা এৱাৰ্ড অৱ অনাৰ’ ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীক আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক উন্নত হ’ব বুলি আশা ব্যক্ত কৰিছে ডমিনিকাই।
মোডীক এই সন্মান ১৯ নবেম্বৰৰ পৰা ২১ নবেম্বৰলৈকে গোৱেনাত অনুষ্ঠিত হ’ব লগা ভাৰত- CARICOM সন্মিলন ২০২৪ত প্ৰদান কৰা হ’ব। ডমিনিকাৰ (Dominica) ৰাষ্ট্ৰপতি ছিলভানি বাৰ্তনে ( Sylvanie Burton) সদৰী কৰা মতে কোভিডৰ সময়ত ভাৰতে দ্বীপৰাষ্ট্ৰখনক ৭০ হাজাৰ AstraZeneca ডোজ কোভিড ভেকচিন যোগান ধৰিছিল ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত। দেশখনে মোডীৰ এনে পদক্ষেপক এক উদাৰ উপহাৰ আখ্যা দিয়ে।
ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰোজবেল স্কেৰিটে (Roosevelt Skerrit) কয় যে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে ডমিনিকা স্বাস্থ্য সেৱা, শিক্ষা, তথ্য- প্ৰযুক্তিৰ ক্ষেত্ৰত সমৰ্থন দিয়াৰ লগতে জলবায়ুৰ স্থিতিস্থাপকতা গঢ়ি তোলাৰ বাবে বিশ্ব পৰ্যায়ৰ বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰতো তেওঁৰ ভূমিকা উল্লেখযোগ্য।
সেয়েহে কৃতজ্ঞতাৰ প্ৰতীক হিচাপে দ্বীপৰাষ্ট্ৰখনে এই সৰ্বোচ্চ সন্মান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দিয়াৰ সিদ্ধান্ত লৈছে।
Discussion about this post