আত্মনিৰ্ভৰ ভাৰতৰ আন এক নতুন ৰূপ পৰিলক্ষিত হৈছে। ২০২৩-২৪ চনত ভাৰতে ৩ খন দেশক ২১,০৮৩ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী অন্য দেশলৈ ৰপ্তানি কৰিছে। ভাৰতৰ পৰা সৰ্বাধিক অস্ত্ৰ-শস্ত্ৰ আমদানী কৰা শীৰ্ষ তিনিখন দেশ হৈছে আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়া। ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ ক্ৰেতাৰ তালিতাত শীৰ্ষত আছে আৰ্মেনিয়া। আকাশ এয়াৰ ডিফেন্স চিষ্টেম, পিনাকা মাল্টি লঞ্চ ৰকেট চিষ্টেম আৰু ১৫৫ মিমি কামানকে ধৰি কেইবাটাও অস্ত্ৰ ক্ৰয় কৰিছে দেশখনে।
বৰ্তমান বিভিন্ন ধৰণৰ অস্ত্ৰ আৰু ইয়াৰ অংশ সমূহ নিৰ্মাণত ব্যস্ত হৈ পৰিছে ভাৰত চৰকাৰ আৰু ব্যক্তিগত কোম্পানীসমূহ। এই সামগ্ৰী সমূহ ৰপ্তানি হ’ব প্ৰায় ১০০খন দেশলৈ। ইয়াৰ ভিতৰত ভাৰতে ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল, ডৰ্নিয়াৰ-২২৮ বিমান, কামান, ৰাডাৰ, আকাশ মিছাইল, পিনাকা ৰকেট অন্যতম।
উল্লেখ কৰা প্ৰয়োজন যে, বিগত ৪ বছৰত ভাৰতৰ পৰা অস্ত্ৰ আমদানী কৰা সৰ্ববৃহৎ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰ্মেনিয়াই। চলিত বিত্তীয় বৰ্ষত আৰ্মেনিয়াই ভাৰতৰ পৰা ৬০ কোটি ডলাৰৰ অস্ত্ৰ ক্ৰয় কৰিছে। নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ ২০২০ চনৰ ২৭ ছেপ্তেম্বৰৰ আজাৰবাইজানক সৈতে যুদ্ধত বৰ্তি আছে আৰ্মেনিয়া। ২০২৪ ৰ শেষলৈ ভাৰতীয় কোম্পানী ভাৰত ডাইনেমিসক্স লিমিটেডে আৰ্মেনিয়াক থলুৱাভাৱে নিৰ্মিত আকাশ-১ এছ এয়াৰ ডিফেন্স মিছাইল চিষ্টেম যোগান ধৰিব। একে সময়তে ফ্ৰান্সেও ভাৰতৰ পৰা বহু পৰিমাণৰ চফটৱেৰ আৰু ইলেক্ট্ৰনিক সঁজুলি আমদানী কৰি আহিছে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিগত প্ৰায় এটা দশকৰ পৰা এই বিষয়টো গুৰুত্ব সহকাৰে লৈ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভশীল কৰা ক্ষেত্ৰত ন ন পদক্ষেপ গ্ৰহণ কৰিছে। পূৰ্বতকৈ ভাৰতে বিদেশৰ পৰা অস্ত্ৰ-শস্ত্ৰ আমদানী কৰাৰ প্ৰক্ৰিয়াও বহু পৰিমাণে হ্ৰাস পাইছে।
Discussion about this post