আজি (20 ছেপ্টেম্বৰ) বজাৰত বিক্ৰীৰ বাবে মুকলি হৈছে iPhone 16 ৷ iPhone 16 ক্ৰয় কৰাৰ বাবে গ্ৰাহকে দীঘলীয়া শাৰী পতা দেখিবলৈ পোৱা গৈছে । iPhone 16 ৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ প্ৰত্যক্ষ কৰি টাটাগ্ৰুপে এই মোবাইলসমূহৰ দ্ৰুত ডেলিভাৰীৰ বাবে এক নতুন পৰিকল্পনা প্ৰস্তুত কৰিছে । মাত্ৰ দহ মিনিটতে iPhone 16 গ্ৰাহকক ডেলিভাৰী কৰাৰ ব্যৱস্থা কৰিছে ।
ইয়াৰ বাবে টাটাগ্ৰুপে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী যোগান এপ বিগ বাস্কেট মুকলি কৰে । ইলেক্ট্ৰনিকছ বিক্ৰী বিভাগে ক্ৰ’মাৰ সৈতে কাম কৰি মিনিটৰ ভিতৰতে এইবোৰ ডেলিভাৰী কৰিব । মুঠতে 10 মিনিটৰ ভিতৰত গ্ৰাহকক আইফোন 16 প্ৰদান কৰা হ’ব । বিগ বাস্কেটৰ মুখ্য কাৰ্যবাহী বিষয়া হৰি মেননে এপলৰ গ্ৰাহকসকলে শীঘ্ৰে শেহতীয়া সুবিধাবোৰ উপভোগ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ।
মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে পুনৰ কয়, “ইলেক্ট্ৰনিকছ ছেগমেণ্টত এয়া আমাৰ আৰম্ভণি মাত্ৰ । সামগ্ৰীৰ দ্ৰুততম ডেলিভাৰীৰ লগতে আমাৰ গ্ৰাহকসকলে যাতে দীঘলীয়া অপেক্ষা কৰিব নালাগে তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম । আমি অতি সোনকালে উন্নত ইলেক্ট্ৰনিক ডিভাইচৰ প্ৰৱৰ্তন কৰিম ।”
টাটা গ্ৰুপে আজিৰ পৰা নিৰ্বাচিত চহৰত এই সেৱাসমূহ আৰম্ভ কৰিছে ।
বৰ্তমান এই সেৱাসমূহ মুম্বাই, দিল্লী-এনচিআৰ আৰু মুম্বাইত আৰম্ভ হৈছে ।
আনহাতে Blinkit য়েও আইফোন 16 ৰ ডেলিভাৰীৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে ।
ইয়াৰ বাবে ইউনিকৰ্ণ ছ’ৰ্চৰ সৈতে চুক্তি কৰা হৈছে ।
লগতে কোৱা হৈছে যে অৰ্ডাৰ দিয়াৰ 10 মিনিটৰ ভিতৰত আইফোনটো গ্ৰাহকক ডেলিভাৰী কৰা হ’ব ।
শেহতীয়াকৈ Blinkit এ ডেলিভাৰীৰ সৈতে জড়িত বহু অফাৰ ঘোষণা কৰিছে ।
SBI, ICICI আৰু Kotak ক্ৰেডিট কাৰ্ডত 5000 টকা পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব ।
Discussion about this post