অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীত নাম সাঙোৰ খোৱা চুমী বৰাক স্বামীসহ অৱশেষত আটক কৰিলে অসম আৰক্ষীৰ এছ টি এফে । বিগত ১০ দিনে আত্মগোপন কৰি থকা চুমী বৰাই বুধবাৰে সামাজিক মাধ্যমত অজ্ঞাত স্থানৰ পৰা ভিডিঅ’ প্ৰস্তুত কৰি আত্মসমৰ্পণ কৰিব বুলি জনোৱাৰ পাচতে গুৱাহাটী আৰু ডিব্ৰুগড় আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ তৎপৰতা বৃদ্ধি পাইছিল ।
জানিব পৰা মতে ইতিমধ্য অসম আৰক্ষীৰ এছ টি এফে আটক কৰিছে চুমী বৰাৰ লগতে তেওঁৰ স্বামী তাৰ্কিক বৰাক ৷ নিশা ডিব্ৰুগড়লৈ আত্মসমৰ্পণৰ বাবে গৈ থকা অৱস্থাত এছ টি এফৰ দলে দুয়োকে বাহনসহ আটক কৰা বুলি তথ্য পোৱা গৈছে ৷
ডিব্ৰুগড় সদৰ থানাত চুমী বৰাই আত্মসমৰ্পণ কৰিব বুলি চৰ্চা চলিছিল কিন্তু নিশালৈকে সদৰ থানালৈ নাহিল চুমী বৰা আৰু তাৰ্কিক বৰা । বৃহস্পতিবাৰে পুৱাই STF ৰ দলে ডিব্ৰুগড়ৰ থানালৈ লৈ আহে তেওঁলোকৰ পৰা উদ্ধাৰ কৰা কেতবোৰ সামগ্ৰী ৷ এছ টি এফে দুয়োকে কোনো অজ্ঞাত স্থানত ৰখা বুলি জানিব পৰা গৈছে ।
তেওঁলোকক আটক কৰাৰ পাছতে আৰক্ষী বিভাগৰ এজন উচ্চ পদস্থ বিষয়া ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈছেহি । লগত যাৱতীয় নথি-পত্ৰ, সা-সামগ্ৰীসমূহ লৈ অহা হৈছে । সেই সামগ্ৰী সমূহ চুমী আৰু তাৰ্কিকৰ সামগ্ৰী বুলি জানিব পৰা গৈছে । ডিব্ৰুগড় সদৰ থানালৈ আজি দুয়োকে আনি জেৰা চলোৱাৰ সম্ভাৱনা আছে ।
আনহাতে, এছ টি এফে চুমী বৰা আৰু তাৰ্কিক বৰাক আটক কৰাৰ পাছতে আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কাৰো নাম উল্লেখ নকৰাকৈ কয়, “The game is up for them. Compliments to the Team STF. তেওঁলোকৰ বাবে খেল শেষ । অভিনন্দন Team STF.” ।
Discussion about this post