ছাত্ৰৰ মৃত্যুৰ ঘটনাক লৈ দুদিনধৰি উত্তপ্ত হৈ থকা আই আই টি গুৱাহাটীৰ একাডেমিক ডীনে অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য় হ’ল । দেশৰ অন্য়তম শীৰ্ষ শৈক্ষিক প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থী সমাজে যোৱা দুদিন ধৰি কৰা তীব্ৰ প্ৰতিবাদৰ মাজতে মঙলবাৰে নিশা একাডেমিক ডীনৰ পদৰ পৰা পদত্যাগৰ কথা ঘোষণা কৰিবলৈ বাধ্য হ’ল অধ্যাপক কে ভি কৃষ্ণাই ।
উল্লেখ্য যে আই আই টি গুৱাহাটীৰ প্ৰতিভাশালী শিক্ষাৰ্থী উত্তৰ প্ৰদেশৰ বিমলেশ কুমাৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি মঙলবাৰে নিশা পৰ্যন্ত চলি থাকে শিক্ষাৰ্থী সমাজৰ প্ৰতিবাদ । সোমবাৰে পুৱা ব্ৰহ্মপুত্ৰ ছাত্ৰাবাসত উদ্ধাৰ হৈছিল আত্মহত্যা কৰা ইলেকট্ৰনিক্স আৰু কম্পিউটাৰ ছায়েন্সৰ তৃতীয় বৰ্ষৰ ছাত্ৰ বিমলেশৰ মৃতদেহ ৷ অত্যাধিক একাডেমিক চাপৰ ফলতে বিমলেশ কুমাৰে আত্মহত্যা কৰাৰ কথা পোহৰলৈ অহাৰ পিচতেই ন্যায় বিচাৰি কেইবা শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীত ।
শিক্ষাৰ্থীসকলে কেইবাটাও দাবীৰ সমৰ্থনত যোৱা দুদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছিল। তাৰে ভিতৰত অন্যতম আছিল একাডেমিক ডীন অধ্যাপক কে ভি কৃষ্ণাইৰ পদত্য়াগ । অৱশেষত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ ওচৰত সেও মানি অধ্যাপক কে ভি কৃষ্ণাই পদত্যাগ কৰিবলৈ বাধ্য হয় ৷
Discussion about this post