বিগত ৫ আগষ্টত বাংলাদেশত ৰাজনৈতিক পট সলনি হোৱাৰ পিছত সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্টকাললৈ বন্ধ হৈ আছে ভাৰতীয় ভিছা আবেদন। ফলত বাংলাদেশৰ ইউৰোপগামী প্ৰায় ১৫০০ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত লোক বিপদত পৰিছে। দ্য বিজনেছ ষ্টেণ্ডাৰ্ডক বাংলাৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।
ভুক্তভোগীসকলে জনায় যে যিহেতু ইউৰোপৰ বহু দেশৰ বাংলাদেশত দূতাবাস নাই, সেয়েহে সেই দেশসমূহৰ বাবে ভিছা আৰু অন্যান্য সেৱাৰ বাবে ভাৰতীয় দূতাবাসৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
বৰ্তমান ভাৰতে ভিছা প্ৰদান বন্ধ কৰি দিয়াৰ বাবে তেওঁলোকে সেই ইউৰোপীয় দেশসমূহলৈ পঢ়া-শুনা বা কামৰ বাবে যাব পৰা নাই। একে সময়তে তেওঁলোকৰ ভিছা মাচুল আৰু টিউচনৰ ধন ঘূৰাই পোৱাৰ বাবেও চিন্তাৰ সৃষ্টি হৈছে।
এই ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই পূব ইউৰোপৰ দেশ পোলেণ্ড, বুলগেৰিয়া, ৰোমানিয়া, লিথুৱেনিয়া, হাংগেৰী, অষ্ট্ৰিয়াৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অফাৰ লেটাৰ লাভ কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দক্ষিণ এছিয়া বিভাগৰ এগৰাকী বিষয়াই কয় যে, “যোৱা দুসপ্তাহৰ পৰা আমি ছাত্ৰ-ছাত্ৰী আৰু শ্ৰমিকৰ পৰা অভিযোগ লাভ কৰি আহিছো। আমি যৎপৰোনাস্তি চেষ্টা কৰিছো। কিন্তু সামগ্ৰিক পৰিস্থিতিৰ বাবে ইয়াক সমাধান কৰাটো কঠিন হৈ পৰিছে।”
ইফালে ভিছা সংকটৰ সমাধানৰ দাবীত দেওবাৰে (২৫ আগষ্ট) ৰাজধানীৰ ছেগুনবাগিচাস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মূল গেটৰ সন্মুখত এদল ছাত্ৰ-ছাত্ৰী আৰু শ্ৰমিকে মানৱ শৃংখল গঠন কৰে। তাত থকা একাংশ ছাত্ৰ-ছাত্ৰীয়ে কয় যে পাছপ’ৰ্ট ডেলিভাৰীৰ পিছত বহুতে ৰিজেক্ট হৈ আছে। বাংলাদেশত ভাৰতীয় ভিছাৰ আবেদন অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছো। তদুপৰি কোনো আবেদনকাৰীৰ ভিছা কোনো কাৰণ নোহোৱাকৈ নাকচ নকৰিবলৈ আহ্বান জনাইছো। প্ৰত্যাখ্যান কৰিলে যাতে পৰ্যাপ্ত কাৰণ দিয়া হয়।
ইফালে ভাৰতত চিকিৎসা বিচৰা বাংলাদেশী ৰোগীসকলো স্বাস্থ্যজনিত ভয়াৱহ বিপদত পৰিছে। ভিছা নোপোৱাৰ বাবে বহু লোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত ভাৰতলৈ চিকিৎসকৰ ওচৰলৈ যাব পৰা নাই।
তেনে এজন ৰোগী নাজনীন আখতেৰে (৩৩) কয়, “মই তিনিমাহ আগতে কলকাতাৰ এখন চিকিৎসালয়ত আইভিএফ (In Vitro Fertilization) চিকিৎসাৰ বাবে ভাৰতত আছিলো। মোৰ মেডিকেল ভিছাৰ ম্যাদ উকলি যোৱাৰ বাবে মই বিপদত পৰিছো। এতিয়া আবেদন বন্ধ থকাত ৫ তাৰিখৰ অপাৰেছনক লৈ শংকাত আছো। সেয়া সময়মতে নকৰিলে মোৰ স্বাস্থ্য চৰম বিপদত পৰিব বুলি জনাইছে চিকিৎসকসকলে।”
আন এগৰাকী ভিছা আবেদনকাৰী তাবজিনা আজিজে কয়, “অহা মাহৰ প্ৰথম সপ্তাহত পেটৰ টিউমাৰৰ ফ’ল’-আপ ট্ৰিটমেণ্টৰ বাবে চেন্নাইলৈ যাব লাগিব। এতিয়া মোৰ ভিছাৰ ম্যাদ নথকাৰ বাবে মোৰ যথেষ্ট বিপদ হৈছে। সোনকালে ভিছা নাপালে মোৰ জীৱন বিপদত পৰিব।”
Discussion about this post