এতিয়াৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰাৰ আগতে সাংবাদিকে নিজৰ পৰিচয় দিব লাগিব । কেৱল পৰিচয় দিয়াই নহয়, DIPR ৰ পঞ্জীয়ন নহ’লে নাইবা আই এণ্ড পি আৰত পঞ্জীয়ন নথকা প’ৰ্টেলৰ সাংবাদিক মুখ্যমন্ত্ৰীৰ সংবাদমেললৈ যাব নোৱাৰিব । এই নিৰ্দেশনা খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে এগৰাকী সাংবাদিকৰ পৰিচয় সোধাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নিয়মৰ ওপৰত দৃষ্টিপাত কৰি সাংবাদিকলৈ একপ্ৰকাৰ মৌখিক গাইডলাইন জাৰি কৰে ।
সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ সংবাদমেলত সাংবাদিকে প্ৰশ্ন কৰাৰ আগতে সাধাৰণতে নিজৰ নাম কোৱা হয় । দিল্লীত এনেধৰণৰ নিয়ম মানি চলা হয় । তেন্তে আমাৰ ইয়াত কোনো সাংবাদিকক তেওঁৰ নামটো সোধোতে ইয়াত প্ৰেছ ক্লাব কিয় আহিব লাগে ? পিতৃ-মাতৃ প্ৰদত্ত নামটো সোধাৰ লগে লগে গৌৰৱেৰে ক’বহে লাগে । নিজৰ নামটো কোৱাত কিয় বেয়া পাবলগীয়া আছে ? মই নাম সোধাটো ভুল হৈছে, কিন্তু সাংবাদিকজনে নাম নোকোৱাকৈ প্ৰশ্ন সোধাটোও ভুল হৈছে ।’’
মুখ্যমন্ত্ৰীয়ে হাতযোৰ কৰি কয়, ‘‘মোৰ সংবাদমেলত প্ৰথমে নামটো কৈ মোক প্ৰশ্ন কৰিব । এইটো এটা নিয়ম । মই কোনো নিয়ম বান্ধি দিয়া নাই । নাম কৈ প্ৰশ্ন সোধাটো এটা প্ৰট’ক’ল, এটা ষ্টেণ্ডাৰ্ড । গতিকে এতিয়াৰে পৰা প্ৰশ্ন সুধিলে নামটো কৈ দিব । মোৰো সুবিধা হয় । কোনো প’ৰ্টেলৰ যেতিয়ালৈকে DIPR ৰ পঞ্জীয়ন নহয় তেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ সংবাদমেললৈ আহিবও নালাগে । আমাৰো সুৰক্ষাৰ কথা আছে ।’’
Discussion about this post