ৰাষ্ট্ৰীয় মহাকাশ দিৱস-২০২৪
২০২৩ চনৰ ২৩ আগষ্টত ভাৰত চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ আৰু দক্ষিণ মেৰু অঞ্চলত প্ৰৱেশ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। এই উল্লেখযোগ্য কৃতিত্বক সন্মান জনাই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ আগষ্টক “ৰাষ্ট্ৰীয় মহাকাশ দিৱস” (National Space Day) হিচাপে ঘোষণা কৰে।
আজি ভাৰতেবৰ্ষই ২০২৪ চনৰ ২৩ আগষ্টত প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস [NSpD-2024] উদযাপন কৰিছে । এইবাৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে “চন্দ্ৰ স্পৰ্শ কৰাৰ সময়ত জীৱনক স্পৰ্শ কৰা: ভাৰতৰ মহাকাশ কাহিনী।” (“Touching Lives while Touching the Moon: India’s Space Saga.”) উল্লেখ্য যে, ২০২৩ চনৰ ১৪ জুলাইত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হৈছিল।
২০২৩ চনৰ ২৩ আগষ্টৰ সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰযান-৩ৰ লেণ্ডাৰখনে অৱতৰণৰ বাবে লক্ষ্য কৰি লোৱা ৪.৫ কিলোমিটাৰ বহল অঞ্চলটোৰ কেন্দ্ৰৰ ওচৰতে তললৈ নামি যায়। সেই বিন্দুৰ পৰা ৩০০ মিটাৰ (৯৮৫ ফুট) ভিতৰত সফল অৱতৰণ কৰে লেণ্ডাৰ বিক্ৰমে। ইয়াৰ লগে লগে ৰাছিয়া, আমেৰিকা, চীনক পিছ পেলাই ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি দি অভিলেখ গঢ়িছিল ভাৰতে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত অনুষ্ঠিত প্ৰথমটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস অনুষ্ঠানত কয় যে ISRO has made remarkable achievements in the space sector. She appreciated the dedicated scientists who have positioned India’s Space Programme among the best Space Programmes in the world, using minimum resources.
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। এক্সত শ্বেয়াৰ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰতৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অপৰিসীম গৌৰৱ প্ৰকাশ কৰে।
“প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসত সকলোকে শুভেচ্ছা জনাইছো। মহাকাশ খণ্ডত আমাৰ জাতিৰ কৃতিত্বক আমি অতি গৌৰৱেৰে মনত পেলাইছো । আমাৰ মহাকাশ বিজ্ঞানীসকলৰ অৱদানক প্ৰশংসা কৰাৰ দিনো।’ – প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে কয়।
Discussion about this post