হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ বাবে শিমলা, মাণ্ডী আৰু কুল্লু জিলাত ৫০ জনতকৈ অধিক লোক নিৰুদ্দেশ হোৱাৰ লগতে ১১ জনৰ মৃত্যু হোৱাৰ খবৰ।
ডাৱৰ বিস্ফোৰণৰ ফলত মালানা শক্তি প্ৰকল্পৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বানৰ প্ৰবাল সোঁতে উটুৱাই নিয়ে বিদ্যালয় গৃহ, বহু পৰিয়ালৰ ঘৰ আদি। ইতিমধ্যে প্ৰলয়ক প্ৰত্যাহ্বান জনাই এছ ডি আৰ এফে যুদ্ধকালীনভাৱে চলাইছে উদ্ধাৰ অভিযান।
এই ঘটনাৰ পিছৰে পৰা অঞ্চলটোৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।
ইতিমধ্যে জিলা প্ৰশাসনে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ বিষয়ে ৰাইজক সতৰ্ক কৰি দিয়াৰ লগতে জিলা প্ৰশাসনে ইতিমধ্যে কুলুৰ বহু পথ বন্ধ কৰি দিছে।
Discussion about this post