মোবাইল ফোনৰ বাবেই কাল হ’ল এগৰাকী কিশোৰীৰ জীৱন। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰূপহীহাট(Rupahihat)ৰ বাট’মাৰীত গাঁৱত।
এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে ডিঙিত চিপ লৈ আত্মহত্যা(Suicide) কৰে। ঘৰত কোনো নথকাৰ সুযোগ লৈ আত্মহত্যা কৰে কিশোৰীগৰাকীয়ে।
জানিব পৰা অনুসৰি দীৰ্ঘ দিন ধৰি কিশোৰীগৰাকীয়ে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। প্ৰায়ে কথা পাতিছিলে মোবাইলত।
মঙলবাৰে যুৱকজনৰ লগতে মোবাইলত কথা পাতি থকা অৱস্থাতে মাকে মোবাইল ফোনটো কাঢ়ি লৈ যায়।
ইয়াৰ পিছতে কিশোৰীগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।
মাতৃৰ ভাষ্য-
ওচৰ চুবুৰীয়াৰ ভাষ্য-
Photo & Input: Khatang Khobor





























Discussion about this post