কোকৰাঝাৰ(Kokrajhar)ৰ ভোটগাঁৱৰ কাশিপাৰাত দেওবাৰে নিশা এটা ডকাইতৰ দলৰে হোৱা আৰক্ষীৰ প্ৰচণ্ড গুলীয়াগুলীত ৩টা ডকাইত নিহত হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি নিশা কাশিপাৰাস্থিত এলাহাবাদ বেংকত(Bank Robbery) ডকাইতি কৰাৰ লক্ষ্যৰে গৈছিল এটা ৬ জনীয়া ডকাইত(Dacoits)ৰ দল। গোপন সূত্ৰৰ পম খেদি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
Several materials including vehicles, gas cutters, Oxygen Cylinder, two 7.65 mm Pistols were recovered from their possession.
Further investigation is on to unearth their network and combing ops is going on to nab other dacoits from nearby areas.
— Kokrajhar Police (@KokrajharPolice) August 22, 2021
Vehicles, tools, gas cutters, 2 pistols along with Oxygen Cylinders were recovered. Operation was on till late night to flush out rest of the dacoits.#Kokrajhar
— DGP Assam (@DGPAssamPolice) August 22, 2021
আৰক্ষীৰ উপস্থিত হোৱাৰ কথা উমান পাই ডকাইতৰ দলটোৱে সেই স্থানৰ পৰা পলাই যাবলৈ আৰক্ষীলৈ গুলীচালনা কৰে। আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰাত ডকাইতৰ দলটোৰ ৩টা ডকাইত গুৰুতৰভাৱে আহত হয় আৰু ৩টা ডকাইত ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আহত ডকাইতকেইটাক কোকৰাঝাৰ আৰ এন বি হাস্পতালত ভৰ্তি কৰোৱা হৈ যদিও চিকিৎসকে মৃত ঘোষণা কৰে। পলাতক ডকাইত কেইটাৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।
ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, গেছ কাটাৰ, দুটা চিলিণ্ডাৰ আৰু ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এখন এ এছ ১৮ এ চি ১৩৩৬ নম্বৰৰ অটো উদ্ধাৰ কৰে।
Photo: Kokrajhar Police
Discussion about this post