New Education Policy: অসমত আৰম্ভ হ’ব নতুন শিক্ষা নীতি ৰূপায়ণৰ কাৰ্যসূচী। অসমত নাথাকিব হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী বিদ্যালয় ৷ তাৰ বিপৰীতে হ’ব ২০২২ চনৰ পৰা Senior Secondary School৷ এই শিক্ষা নীতি অনুসৰি কলা, বিজ্ঞান, বাণিজ্য শাখা নাথাকে উচ্চতৰ মাধ্যমিক শাখাত ৷ ইয়াৰ পৰিৱৰ্তে থাকিব সৰ্বোচ্চ ৮টা বিষয় ৷ যিকোনো এটা বিষয় ল’ব পাৰিব শিক্ষাৰ্থীয়ে ৷
প্ৰথম অৱস্থাত দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ’ব নতুন শিক্ষা নীতি ৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি বিজ্ঞান, গণিত বিষয় হ’ব ইংৰাজী শাখাত ৷ একেদৰে আগন্তুক বৰ্ষৰ পৰা দশম শ্ৰেণীলৈ বাধ্যতামূলক হ’ব ভূগোল আৰু বুৰঞ্জী বিষয় ৷ আগন্তুক ৬ মাহৰ পৰা আৰম্ভ হ’ব এই ব্যৱস্থা ৷ আগন্তুক ৫ বছৰ প্ৰয়োজন হ’ব নতুন শিক্ষানীতি সম্পূৰ্ণ ৰূপায়ণ হোৱালৈ ৷ শিক্ষা বিভাগৰ সিদ্ধান্ত অনুসৰি ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হ’ব গুণোৎসৱ ৷
Photo: Google
Discussion about this post