মস্কো (Moscow)ৰ সমীপত এখন বিমান উৰণ পৰীক্ষাৰ সময়ত এখন ৰাছিয়াৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত আছিল তিনিজন লোক। বিমান নিৰ্মাতা ইউনাইটেড এয়াৰক্ৰাফ্ট কৰ্পোৰেচনে দুৰ্ঘটনাটো নিশ্চিত কৰিছে। কোম্পানীৰ বিবৃতিটোৱে দুৰ্ঘটনাটোত কোনো হতাহত হৈছে নে নাই সেয়া প্ৰকাশ কৰা নায়। অৱশ্যে,৩জন ক্ৰু সদস্যৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
Russian prototype ll-112V military transport aircraft crashed somewhere in Moscow region. Three test pilots reportedly died. pic.twitter.com/dI9Nkdumtu
— Jitender Sharma (@capt_ivane) August 17, 2021
এণ্টনভ AN-26ৰ বিকল্প হিচাপে হৈ আছিল পৰীক্ষা
দুৰ্ঘটনাটোৰ যিটো ভিডিঅ’পোহৰলৈ আহিছে, বিমানখন অতি কম উচ্চতাত উৰি থকা দেখা গৈছে, যাৰ এটা পাখিত জুই লাগিছিল। বিমানখনে এটা শ্বাৰ্প কাট লোৱাৰ আগতে মাটিত বাগৰি পৰে। ইউনাইটেড এয়াৰক্ৰাফ্ট কৰ্পোৰেচনে পুৰণি এণ্টনভ AN-26ৰ বিকল্প হিচাপে IL-112Vৰ পৰীক্ষা কৰি আছে।
Photo: Zee News
Discussion about this post