ৰাজ্যৰ যশস্বী চলচ্চিত্র পৰিচালক হেমেন দাস আৰু নাই। ৭৭ বছৰ বয়সত তেখেতে ত্যাগ কৰে শেষ নিশ্বাস। যুঁজ (১৯৯০), গৰখীয়া (১৯৯৩), মৃগনাভি (২০১৭) আদি পূৰ্ণদৈৰ্ঘ্যৰ ছবি পৰিচালনা কৰিছিল তেখেতে ।
অসমীয়া সংস্কৃতিৰ নিখুঁত উপস্থাপন তেওঁৰ প্ৰথম ছবি যুঁজ-এ ৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
তেওঁৰ দ্বিতীয় ছবি গৰখীয়া এখন শিশুছবি; য’ত প্ৰকৃতিৰ পৰা জ্ঞান আৰু শিক্ষা আহৰণ কৰা এজন গৰখীয়াৰ কাহিনী চিত্ৰায়ণ কৰা হৈছে।
প্ৰয়াত হেমেন দাস পৰিচালকৰ উপৰিও একেধাৰে আছিল চিত্ৰনাট্যকাৰ, অভিনেতা, লেখক। তেওঁ আছিল অসম সচিবালয়ৰ কৰ্মচাৰী। ২০০৪ চনত তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
দুলাল ৰয়ৰ ‘আশ্ৰয়’ ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল হেমেন দাসে।
২০১৭ ত মুক্তি পোৱা তেওঁৰ তৃতীয় তথা অন্তিমখন ছবি ‘মৃগনাভি’য়েও বহু কেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
Discussion about this post