এইবাৰ গাহৰি মাংস বন্ধ কৰাৰ দাবী তুলিলে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে।
কিয় গাহৰি মাংস বন্ধৰ দাবী বিধায়ক আমিনুল ইছলামৰ?
শুক্ৰবাৰে, অসম বিধানসভাৰ মজিয়াত গৃহীত হয় অসম গো-সুৰক্ষা বিধেয়ক-২০২১।
ৰাজ্যত গো-সুৰক্ষা বিধেয়ক খনক লৈ চৰ্চা-বিতৰ্ক চলি থকাৰ সময়তে এইবাৰ গাহৰিৰ মাংস বন্ধৰ দাবী তুলিলে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে। গো-মাংস ভক্ষণ নকৰা হিন্দু বসতি প্ৰধান এলেকাত গো হত্যাৰ বন্ধ কৰাৰ সমান্তৰালকৈ গাহৰি মাংস ভক্ষণ নকৰা এলেকাত গাহৰি মাংসৰ ব্যৱহাৰ বন্ধ কৰিবলৈ দাবী জনালে AIUDF ৰ বিধায়ক জনে।
তাৰোপৰি , বিধায়ক আমিনুল ইছলামে কয় যে ভগৱান বিষ্ণুৰ অৱতাৰ গাহৰিৰ মাংস নোখোৱাৰ বাবে মুছলমান লোকক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰিব লাগে।
আনফালে বিধায়ক গৰাকীয়ে কালি সদনত গৃহীত হোৱা অসম গো-সুৰক্ষা বিধেয়ক খনক লৈ মুছলমান-খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ ধৰ্মীয় ক্ষতি নহয় বুলি সংবাদ মাধ্যমক অৱগত কৰে। বিধায়ক আমিনুল ইছলামে কোৰাণৰ কথাৰ উদ্ধৃতিৰে শেহতীয়া অসম গো-সুৰক্ষা আইনে অসমৰ মুছলমান-খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ কোনো ধৰ্মীয় ক্ষতি নকৰিব বুলি উল্লেখ কৰে।
তাৰোপৰি বিধায়ক গৰাকীয়ে গৰু, বিষ্ণু ধৰ্মৰ অবতাৰ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
Discussion about this post