২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’ (Challenge)
৫ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হ’বলগীয়া ২৯ সংখ্যক ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’লৈ নিৰ্বাচিত হৈছে অসমৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’ (Challenge)। মহোৎসৱৰ ‘ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা’লৈ নিৰ্বাচিত হৈছে ৰমেন বৰা আৰু শিৱাণু বৰা পৰিচালিত এই তথ্যচিত্ৰখন ‘চেলেঞ্জ’ (Challenge)।
উল্লেখযোগ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰেৰণ কৰা তথ্যচিত্ৰসমূহৰ মাজৰ পৰা মুঠ ৮ খন তথ্যচিত্ৰই এই প্ৰতিযোগিতামূলক তথ্যচিত্ৰৰ শাখাৰ বাবে মহোৎসৱৰ অফিচিয়েল চিলেকছন লাভ কৰিছে । এই ৮ খন তথ্যচিত্ৰৰ মাজত অসমৰ একমাত্ৰ তথ্যচিত্ৰ হিচাপে নিৰ্বাচিত হৈছে ‘চেলেঞ্জ’ (Challenge) । ‘কামৰূপা ক্ৰিয়েছনচ’ৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে ভৰত কলিতাই ।
তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই । চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ । ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে দেৱজিত চাংমাই আৰু অমৃত প্ৰীতমে । সম্পাদনা ৰমেন বৰাৰ । ডি আই কালাৰ ৰতন শীলৰ । তথ্যচিত্ৰখনৰ ধাৰাভাষ্য দিছে জীতেন্দ্ৰ ৰামপ্ৰকাশে । তথ্যচিত্ৰখনৰ বিশেষ কিছু মুহূৰ্ত অলংকৃত কৰিছে চিত্ৰশিল্পী ৰবীন বাৰে ।
অসমৰ শিৱসাগৰ জিলাৰ সোণাৰি অঞ্চলৰ বাসিন্দা জগন্নাথ গগৈ আৰু বিউটি গগৈৰ বিশেষভাবে সক্ষম জীয়ৰী প্ৰিন্সি গগৈৰ (Princy Gogoi) জীৱন সংগ্ৰামৰ কাহিনীৰ লগতে এনেবোৰ সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত মাতৃসকলৰ যি প্ৰত্যাহ্বানমূলক ভুমিকা জড়িত হৈ থাকে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে ৩৬ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’ (Challenge) ।
তথ্যচিত্ৰ খনত বিভিন্ন দৃষ্টিভংগীৰ মিশ্ৰণ ঘটিছে আৰু প্ৰিন্সি গগৈৰ (Princy Gogoi) প্ৰত্যাহ্বান আৰু সংগ্ৰামসমূহ ফলপ্ৰসূভাৱে প্ৰকাশ কৰিবলৈ তেওঁৰ জীৱনৰ নাটকীয় বিনোদনসমূহ সন্নিৱিষ্ট কৰা হৈছে, যিহেতু প্ৰিন্সিয়ে (Princy) স্বাভাৱিক জীৱন যাপন কৰিবলৈ আৰু সমাজলৈ অৰ্থপূৰ্ণ অৱদান আগবঢ়াবলৈ চেষ্টা কৰি আহিছে।
তথ্যচিত্ৰখন প্ৰিন্সিৰ জীৱনৰ এক আন্তৰিক, আৰু মাজে মাজে হৃদয় বিদাৰক অন্বেষণ।
Discussion about this post