বিশ্বজুৰি এনে বহুতো ঘটনা সংঘটিত হয়, যিবোৰৰ বিষয়ে জনাৰ পিছত সকলোৰে সংজ্ঞান হেৰুৱায়। হয়, এনে এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে য’ত এজন লোকে আত্মহত্যাৰ বাবে জঁপিয়াই পৰে আৰু খিৰিকীৰ ওচৰত থিয় হৈ থকা এজন উদ্ধাৰকাৰীয়ে তেওঁক বতাহতে ধৰিবলৈ সক্ষম হয়।
এই ভিডিঅ’টো ইণ্টাৰনেটত যেতিয়াই ভাইৰেল হ’বলৈ ধৰিলে সকলো স্তম্ভিত হৈ পৰে। এই ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পিছত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
আত্মহত্যাৰ বাবে জঁপিয়াই, কিন্তু বতাহতে থাকে ওলমি
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা পোৱা গৈছে যে, বিল্ডিঙৰ চাদৰ পৰা এজন লোক আত্মহত্যা কৰিবলৈ জঁপিয়াই। বিল্ডিঙৰ মাজত কেইজনমান উদ্ধাৰকাৰীয়ে লোকজনক ওপৰৰ ফালে চাই আছে।
লোকজন খিৰিকীৰ সন্মুখলৈ অহাৰ লগে লগে, এজন উদ্ধাৰকাৰীয়ে লগে লগে তেওঁক ধৰে। আত্মহত্যাৰ কৰিবলৈ ওলোৱা লোকজনক খিৰিকীৰে ভিতৰলৈ টানি আনে। কেইটামান ছেকেণ্ডৰ ভিডিঅ’টোৱে মানুহক আচৰিত কৰি তুলিছিল।
উদ্ধাৰকাৰীসকলে যথেষ্ট প্ৰশংসা লাভ কৰিছে
ভিডিঅ’টো ৰেডিটত পোষ্ট কৰা হৈছিল আৰু প্ৰায় এক লাখ ভিউজ লাভ কৰে। ভিডিঅ’টো চোৱাৰ পিছত শ শ মানুহে ভিডিঅ’টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘মই ভাবো তেওঁ অতি তীব্ৰ গতিত মাটিত পৰিলহেতেন, কিন্তু উদ্ধাৰকাৰীসকলে এৰি দিয়া প্ৰচেষ্টাৰ পৰা তেওঁ ৰক্ষা পৰিছিল।
Photo: Google





























Discussion about this post