নীৰজ চোপ্ৰাই (Neeraj Chopra) টকিঅ’ অলিম্পিকত (Tokyo Olympic 2020) স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচিছে। তেওঁৰ এই বিজয়ে সমগ্ৰ দেশলৈ আনন্দ কঢ়িয়াই আনিছে। চাৰিওফালে নীৰজ চোপ্ৰাৰ ঐতিহাসিক বিজয় উল্লাস।
কিছুদিন পূৰ্বে টকিঅ’ অলিম্পিকত জেভলিন থ্ৰোত তেওঁৰ অবিশ্বাস্য প্ৰদৰ্শনৰ বাবে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত অভিনন্দন বাৰ্তাৰ বৰষুণ, ইফালে কেইবাটাও মীম পোষ্ট কৰিছে য’ত কোৱা হৈছে যে অক্ষয় কুমাৰে (Akshay Kumar) নীৰজ চোপ্ৰাৰ বায়’পিকত অভিনয় কৰিব।

অক্ষয় কুমাৰৰ এখন পুৰণি ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে য’ত তেওঁ হাতত লাঠি ধৰি থকা দেখা গৈছে। এই ফটোখনৰ তুলনা নীৰজ চোপ্ৰাৰ জেভলিনৰ সৈতে কৰিছে। এই বিষয়টোক লৈ এতিয়া অক্ষয় কুমাৰেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
এই প্ৰসংগ সন্দৰ্ভত অক্ষয় কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মই ভাৱো যে এয়া যথেষ্ট ধেমেলীয়া। ময়ো সেই ফটোখন দেখিছো। য’ত মই হাতত লাঠী লৈ থকা দেখা গৈছে। এইখন ফটো মোৰ ছবি সৌগন্ধৰ হয়। এয়া যথেষ্ট ধেমেলীয়া, টুইংকলেও এই ফটোখন দেখি মই তেওঁক ক’লো যে মই আগতেই এই ফটোখন দেখিছো।
অক্ষয় কুমাৰক নীৰজ চোপ্ৰাৰ জীৱনীমূলক ছবিৰ বিষয়ে প্ৰশ্ন কৰোতে তেওঁ কৈছিল, ‘মানুহে কৈছে ‘আৰে, অনুশীলন এতিয়াৰে পৰা আৰম্ভ হৈছে।’ মোৰ ধেমেলীয়া লাগিছে এই কথাটো।’
অক্ষয় কুমাৰে তেওঁৰ বায়’পিকৰ বিষয়ে কয়- ‘মই ভাৱো যে নীৰজ চোপ্ৰা দেখাত সুন্দৰ আৰু হেণ্ডছামো। যদি মোৰ বায়’পিক নিৰ্মাণ হয় তেন্তে নীৰজে তাত মুখ্য চৰিত্ৰত অভিনয় কৰিব।’
উল্লেখ্য অলিম্পিকত সোণৰ পদক জয় কৰাৰ পিছক নীৰজ চোপ্ৰাক অভিনন্দন জনাইছিল অভিনেতা অক্ষয় কুমাৰে।
Photo: Google





























Discussion about this post