‘আপোনালোকে যিজন মানুহৰ নাম কৈছে, সেইজন মানুহৰ নাম কৈ মোক প্ৰশ্ন সোধাটোৱে ৰাজহুৱা জীৱনত সততাত থকা মানুহ এজনৰ বাবে অপমান। আমিনুল ইছলাম এজন অদৰকাৰী, সাম্প্ৰদায়িক মানুহ।’- অখিল গগৈয়ে বিচাৰিছিল ১০ কোটি টকা। বিধায়ক আমিনুল ইছলামৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে বিধায়ক অখিল গগৈয়ে
‘তেওঁ কিবা কৈছে নেকি? আপোনালোকক এটা কথা কও দে অসমৰ ৰাজনীতিত থকা আটাইতকৈ সৎ মানুহজনেই হৈছে মই। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলেও মই বেয়া পাও আৰু এনেকুৱা ধৰণৰ কোনোবাই কথা ক’লেও মই বেয়া পাও কাৰণ সেইবিলাক মানুহ যিবিলাক মানুহে এইবিলাক কথা কয়।
সেইবিলাক মানুহৰ লগত আমাৰ তুলনা নহয়। আমিনুল ইছলাম এজন সাম্প্ৰদায়িক মানুহ। তেওঁ যে কিবা অভিযোগ আনিছে সেয়া মই নাজানোৱেই, এতিয়াহে গম পালো। আমিনুল ইছলাম এজন ফাটলাম মানুহ গাঁৱলীয়া ভাষাত যে কয়। আমিনুল ইছলাম এজন প্ৰৱঞ্চক। তেওঁৰ নিচিনা মানুহক গুৰুত্বই নিদিও।’- আমিনুল ইছলামৰ অভিযোগ সন্দৰ্ভত তীব্ৰ কটাক্ষ বিধায়ক অখিল গগৈৰ।
Photo: Khatang Khobor




























Discussion about this post