আহিনৰ আচলতে ধৰি আকৌ আহিল শাৰদীয় দুৰ্গোৎসৱ । কাইলৈ পবিত্ৰ মহালয়া । মৰ্ত্যলৈ নামিব মহিষ মৰ্দিনী দেৱী দুৰ্গা । প্ৰবাদ মতে, মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় আৰু পুৱাৰ পবিত্ৰ বা জাকে শৰীৰ-মন-আত্মা সুস্থ কৰে ।
এইবাৰ মহালয়া অমাৱস্যা আজি নিশা ৯ বাজি ২০ চেকেণ্ডৰ পৰা আৰম্ভ হৈ শনিবাৰে (১৪ অক্টাবৰ) নিশা ১১ বাজি ২৪ মিনিট ২৪ চেকেণ্ডত শেষ হব।
পবিত্ৰ মহালয়াৰ পিচৰ দিনটোৰ পৰাই দেৱীপক্ষ আৰম্ভ হয়। দেৱীপক্ষৰ প্ৰথম দিনটোত পবিত্ৰ ৰাত্ৰি দেৱীক শ্ৰী শ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয়। এনেদৰে দেৱীপক্ষৰ ৯ টা দিন বা নৱ ৰাত্ৰিত দেৱী দুৰ্গাৰ ৯ টা ৰূপক পূজা কৰা হয়। এই পূজাৰ অন্তিম তথা দশম দিনটো বিজয়া দশমী হিচাপে পালন কৰা হয়।
দাৰ্শনিক মত অনুসৰি ‘মহা’ মানে ‘পৰম’ আৰু ‘লয়’ মানে বিলীন হোৱা। আন এটা দাৰ্শনিক মত অনুসৰি ‘লয়’ মানে তৰংগ (wave) অৰ্থাৎ য’ৰ পৰা আকৰ্ষণ-বিকৰ্ষণ শক্তিৰ সৃষ্টি হয়। তাৎপৰ্যটো হ’ল যি পৰম-তত্ত্বৰ পৰা সকলো তত্ত্বৰ জন্ম হয় আৰু য’ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। হয়টো সেইবাবেই কোৱা হয় যে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম-গতি পায়। সেই মৃত-ব্যক্তিৰ শ্ৰাদ্ধ নকৰিলেও শ্ৰাদ্ধৰ ফল-ভাগী হয়।
Discussion about this post