উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ (Lucknow)ত এজন কেব চালকক প্ৰহাৰ কৰা অভিযুক্ত যুৱতীগৰাকী (Girl beat Cab Driver) এতিয়া সন্মুখলৈ আহিছে আৰু নিজৰ স্পষ্টীকৰণ দিছে। আৰক্ষীৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰাৰ পিছত মাৰপিটৰ অভিযুক্ত প্ৰিয়দৰ্শিনী নাৰায়ণ যাদৱে আৰক্ষীৰ ওপৰত অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে।
যুৱতীগৰাকীয়ে মাৰপিট কৰাৰ বাবে দিয়ে স্পষ্টীকৰণ
দৈনিক ভাস্কৰৰ সৈতে কথা পাতি অভিযুক্ত যুৱতীগৰাকীয়ে ক’লে যে, তাই ৰাস্তা পাৰ হৈ আছিল তেতিয়া কেবখনে চিগনেল ভাঙি তাইৰ ভৰি স্পৰ্শ কৰিছিল আৰু ওচৰতে থিয় হৈ থকা আৰক্ষীয়ে চালকক বাধা দিয়া নাছিল।
যুৱতীগৰাকীয়ে ক’লে যে, সেই সময়ত মোৰ হৃদয় কঁপি উঠিছিল আৰু ভাবিছিলো যে গাড়ীখন মোৰ গাৰ ওপৰত উঠাই দিব। সেইকাৰণে মই কেব চালকজনক প্ৰহাৰ কৰিছিলো, কাৰণ যদি মই তেওঁক বাধা নিদিলোহেতেন, মোক মাৰি পেলালে হয়।
মানসিক ৰোগৰ চিকিৎসা চলি আছে: যুৱতী
লক্ষ্ণৌৰ বাসিন্দা প্ৰিয়দৰ্শিনী নাৰায়ণ যাদৱে কৈছিল যে, তেওঁ মানসিক ৰোগৰ চিকিৎসা চলি আছে আৰু তাই প্ৰতিদিনে খোজ কাঢ়িব লাগে।
তাই ৩০ জুলাইৰ নিশা খোজ কাঢ়িবলৈ ওলাই গৈছিল আৰু কেব চালকজনে চাৰিআলিত চিগনেল ভাঙি গাড়ীখন আগলৈ আহিছিল, আৰু মোৰ ভৰি স্পৰ্শ কৰিছিল।
প্ৰিয়দৰ্শিনীয়ে অভিযোগ কৰিছিল যে, কেব চালকজনে মোবাইল চলাই থকা অৱস্থাত গাড়ী চলাই আছিল, তেতিয়া মোৰ খং উঠিছিল আৰু তেওঁক গাড়ীৰ ভিতৰৰ পৰা ওলাই চৰ মাৰিছিলো।
Even the Person who came to Save the Cab Driver was Assaulted in these undated Viral Videos.
She can be heard saying the Car Hit her pic.twitter.com/CXuUoBaLUj— Megh Updates 🚨™ (@MeghUpdates) July 31, 2021
যুৱতীগৰাকীয়ে চালকৰ ওপৰত অভিযোগ উত্থাপন কৰিছে
প্ৰিয়দৰ্শিনী যাদৱে ইনষ্টাগ্ৰামত স্পষ্টীকৰণ দি লিখিছিল, ‘Smoke And Drive। মই তেওঁক কিয় মাৰিছিলো তাৰ বাবে সকলোৱে মোক দোষাৰোপ কৰি আছে, কিন্তু কোনেও মোৰ কাহিনী জানিব নিবিচাৰে।
যেতিয়া ছিগনেল ৰঙা আছিল মই প্ৰায় ৰাস্তা পাৰ কৰিছিলো। তেতিয়াই গাঞ্জা আসক্ত চালকে মোক খুন্দিয়াইছিল। ঈশ্বৰৰ কৃপাত মই বাচি গ’লো।
তেওঁ নিজৰ ভুল মানি লোৱা নাছিল আৰু তৰ্ক কৰি আছিল, সেয়েহে মই তেওঁক চৰ মাৰিছিলো। মই ক্ষমা খুজিছো যদি কোনোবাই ভাৱে যে মই আইন নিজৰ হাতত লৈছো।
কিন্তু মনে মনে থকাৰ সলনি, মই এই Anti Social Elementক উত্তৰ দিয়াটো উচিত বুলি ভাৱো। কনফেডাৰেট আৰু ভক্তসকলে মোক ভুৱা নাৰীবাদী বুলি কৈ আছে। মৰাৰ পৰা বাচি যোৱা আৰু কেণ্ডেল মাৰ্চ উলিওৱাতকৈ এইটো যথেষ্ট ভাল।
সম্পূৰ্ণ ঘটনা কি?
ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা ভিডিঅ’, য’ত এগৰাকী মহিলাই ৰাস্তাৰ মাজতে এগৰাকী কেব চালকক চৰ মাৰি থকা দেখা গৈছে (Girl Hitting and Slapping Cab Driver)। ভিডিঅ’টো লক্ষ্ণৌৰ বুলি কোৱা হৈছে, কিন্তু এয়া স্পষ্ট নহয় যে, ঘটনাটো কেতিয়াৰ।
ভিডিঅ’টোত দেখা গৈছে যে, ট্ৰেফিক আৰক্ষীৰ সন্মুখতে মহিলাগৰাকীয়ে কেব চালকজনক চৰ শোধাই। ইয়াৰ মাজতে এগৰাকী আৰক্ষী কৰ্মী এজনে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে, কিন্তু এটাৰ পিছত আনটো চৰ শোধাই থাকে চালকজনক।
ভিডিঅ’টোত দেখা পোৱা গৈছে যে, কেবখনৰ আইনাখনো ভাঙি আছিল। কেব চালকজনক ৰক্ষা কৰিবলৈ চেষ্টা চলোৱা এজন যুৱককৰো কলাৰত ধৰে।
https://twitter.com/mr_saif_17/status/1422068783754084352?s=20
চিচিটিভি ফুটেজত সত্যতা প্ৰকাশ পায়
ইয়াৰ পিছত চাৰিআলিত স্থাপন কৰা চিচিটিভিৰ ফুটেজ পোৱা গৈছিল, যিয়ে দেখুৱায় যে কেনেদৰে অৱশেষত ঘটনাটো আৰম্ভ হৈছিল আৰু যুৱতীগৰাকীৰ ৰহস্য ফাদিল হয়।
ফুটেজটোত স্পষ্টকৈ দেখা গৈছিল যে যুৱতীগৰাকীয়ে চলন্ত গাড়ীৰে মাজেৰে ৰাস্তা পাৰ হ’বলৈ চেষ্টা কৰি আছিল।
ইয়াৰ মাজতে, যুৱতীগৰাকী হঠাতে কেবৰ সন্মুখলৈ আহিল। চালকজনে তাৰ পিছত ব্ৰেক মাৰে আৰু গাড়ীখন ৰখায়, তেতিয়াই যুৱতীগৰাকীয়ে আহি কেব চালকজনক মাৰিবলৈ আৰম্ভ কৰে। চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ পিছতে টুইটাৰত #ArrestLucknowGirl ট্ৰেণ্ডিং আৰম্ভ হয়।
Photo: Twitter
Discussion about this post