অসমৰ য়াপলি পেগুলৈ মিছেছ ইণ্ডিয়া-ছি ইজ ইণ্ডিয়া, ২০২৩ ডিভা বঁটা
অসমৰ য়াপলি পেগুৱে নতুন দিল্লীৰ দ্য উমৰাওত অনুষ্ঠিত হোৱা এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলাসবলীকৰণৰ অনুষ্ঠানত ‘মিচেছ ইণ্ডিয়া-ছি ইজ ইণ্ডিয়া ২০২৩ ডিভা বঁটা’ লাভ কৰিছে। বিগত ৩০ আগষ্টত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত য়াপলি পেগুৱে উত্তৰ-পূব ভাৰতক প্রতিনিধিত্ব কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰা ৯ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ মাজৰ পৰা য়াপলি পেগুৱে এই বঁটা লাভ কৰে। জোনাই মহকুমাৰ অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া হলিৰাম পেগু আৰু শিক্ষয়িত্ৰী ৰেণুদলে পেগুৰ কন্যা য়াপলি পেগু।
তেওঁ অসমৰ এগৰাকী প্ৰখ্যাত উন্নত যোগসাধক। মিচেছ ইণ্ডিয়া, ইউনিভাৰ্ছ টিমৰ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। অনুষ্ঠানত পেগুয়ে ঘৰুৱা হিংসাৰ সন্দৰ্ভত বিশেষ ভাষণ প্ৰদান কৰি সমাদৰ লাভ কৰে ।
ইয়াৰ ওপৰিও তেওঁ অনুষ্ঠানত অসমীয়া মেখেলা চাদৰ পৰিধান কৰি সকলোৰে মনযোগ আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়।
Discussion about this post